নিউজ ডেস্কঃ শ্ৰদ্ধা ৱালকৰৰৰ দৰে শিহৰণকাৰী আন এক হত্যাকাণ্ড সংঘটিত হৈছে জয়পুৰত। এজন যুৱকে নিজৰ ৬৪ বছৰ বয়সীয়া বিধৱা খুৰীক নৃশংসভাৱে হত্যা কৰি মৃতদেহৰ কেইবা টুকুৰা কৰে।
জানিব পৰা মতে, যুৱকজনে বৃদ্ধা গৰাকীৰ মৃতদেহৰ টুকুৰা কেইটা জংঘলত পেলায়। আৰক্ষীয়ে জনোৱা মতে, যুৱক জন উচ্চশিক্ষিত আৰু মানসিক ৰোগী।
অনুজ শৰ্মা নামৰ যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে আতংকিত হৈ পৰিছে জয়পুৰবাসী। দেশত ক্ৰমান্বয়ে এনেধৰণৰ ঘটনাৰ হাৰ বৃদ্ধি পাই গৈ আছে।
মন কৰিবলগীয়া যে, যুৱকজনে প্ৰথমে আৰক্ষী থানাত খুৰীয়েক নিৰুদ্দেশ হোৱা বুলি মিছা খবৰ দিয়ে। কিন্তু আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তে জানিবলৈ সক্ষম হয় যে বৃদ্ধা গৰাকী নিৰুদ্দেশ হোৱা নাই, তেওঁক হত্যা কৰা হৈছে।