নিউজ ডেস্কঃ ফেব্ৰুৱাৰী মাহত নগালেণ্ড বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ৬খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৰাষ্ট্ৰীয় জনতা দল অৰ্থাৎ আৰজেডিয়ে। 

দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শ্যাম ৰজকে কয় যে- ছটা নাম চূড়ান্ত কৰা হৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে এই নাম ঘোষণা কৰা হোৱা নাই। এই সন্দৰ্ভত শীঘ্ৰে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক সাক্ষাৎ কৰিব বিজেপিৰ একাংশ নেতাই। তেজস্বী যাদৱৰ সিদ্ধান্ত চূড়ান্ত হ’ব।

যদি এই কাম হয়, তেন্তে আমি আৰু কিছু আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিম বুলিও কয় শ্যাম ৰজকে। উল্লেখ্য যে,  নগালেণ্ডৰ ৬০খন আসনৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ৭ ফেব্ৰুৱাৰী। ইয়াৰ পূৰ্বে আৰজেডিয়ে বিহাৰ চৰকাৰৰ কেবিনেট মন্ত্ৰী কুমাৰ শৰ্ভাজীত আৰু ভোলা যাদৱক নগালেণ্ডলৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply