নিউজ ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম কন্যা লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়ো। অসমৰ দুয়োগৰাকী মহিলা বক্সাৰে ইতিমধ্য়ে জয় কৰিছে স্বৰ্ণ পদক। 

লাভলীনা বৰগোঁহাইয়ে গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছত ৭২-৭৫ কেজি ওজন শাখাত হাৰিয়ানাৰ ছ্যুইটীক পৰাস্ত কৰি আজুৰি আনিছে এই পদক।

ইফালে, ৬৬ কেজি শাখাত মণিপুৰৰ এলিনাক হৰুৱাই সোণৰ মেডেল লাভ কৰি অসমবাসীক গৌৱৰাম্বিত কৰিছে অংকুশিতা বড়োৱে। 

উল্লেখযোগ্য যে, এই মুহূৰ্ত্তলৈকে ৯টা সোণ, ১০টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ সৈতে মুঠ ২৮টা পদকেৰে অসম পদকৰ তালিকাৰ চতুৰ্দশ স্থানত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply