নিউজ ডেস্কঃ সমূখত নগালেণ্ড বিধানসভা নিৰ্বাচন। এনডিপিপিৰ নেতা নেইফিউ ৰিঅ’ ৰাজ্য়খনৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে খ্যাতি অৰ্জন কৰাৰ সমান্তৰালকৈ আগন্তুক নিৰ্বাচনৰ আটাইতকৈ ধনী প্ৰাৰ্থী।
NIAৰ তথ্য অনুসৰি, নেশ্যনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী নেইফিউ ৰিঅ’ই এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অন্যতম ধনী প্ৰাৰ্থী।
৬ ফেব্ৰুৱাৰীত মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত ৰিঅ’ই নিজৰ বৰ্তমানৰ সম্পত্তিৰ মূল্য ১৫.৯৯ কোটি টকা আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ৩০.৯৬ কোটি টকা বুলি ঘোষণা কৰিছে।
উল্লেখযোগ্য যে, যোৱা পাঁচ বছৰত তেওঁৰ নগদ ধনৰ পৰিমাণ ১০.৫৪ কোটি টকা বৃদ্ধি পাইছে বুলি দাবী কৰিছে।২০১৮ চনত ৰিঅ’ই ৩৬.৪১ কোটি টকাৰ সম্পত্তি প্ৰকাশ কৰিছিল।