নিউজ ডেস্ক: দেওবাৰে পুৱা প্ৰায় ১১ মান বজাত নেপালৰ পোখৰাত ৭২ আসনৰ ইয়েতি এয়াৰলাইনছ খনত অৱতৰণৰ বাবে ১০ ছেকেণ্ড সময় থাকোঁতে ভংয়কৰ বিমান দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত বিমানখনত যাত্ৰা কৰা ৬৮ জন যাত্ৰীৰ লগতে চাৰিজন কৰ্মচাৰীৰ মৃত্যু হয়।
বিমাখন কাঠমাণ্ডুৰৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয়ৰ বিমান বন্দৰৰ পৰা ১০:৩৩ বজাত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লৈ উৰা মাৰিছিল। বিমানবন্দৰ কতৃপক্ষই জনোৱা অনুসৰি বিমানখনত ৫৩ জন নেপালী, ৫ জন ভাৰতীয়, ৪ জন ৰাছিয়ান, ২ জন কোৰিয়ান, ১ জন আইৰিছ, ১ জন আৰ্জেন্টিনা আৰু ১ জন ফৰাচী আছিল।
বৰ্তমান লৈকে জানিব পৰা অনুসৰি পাচঁজন ভাৰতীয় ভিতৰত চাৰিজন উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ আলাৱালপুৰৰ গাঁৱৰ বাসিন্দা অভিষেক কুশৱাহা, বিশাল শৰ্মা, অনিল কুমাৰ ৰাজভৰ আৰু চনু জয়ছওৱাল আছিল।
বিমান দুৰ্ঘটনা সংঘটিত হোৱা পিছতে নেপালৰ প্ৰধানমন্ত্ৰী পুস্পা কমল দাহালে বিমান দুৰ্ঘটনাক লৈ মন্ত্ৰী পৰিষদৰ জৰুৰী বৈঠক আহ্বান কৰি দেশৰ গৃহ মন্ত্ৰালয়, নিৰাপত্তা কৰ্মী আৰু সকলো চৰকাৰী সংস্থাক তাৎক্ষণিক উদ্ধাৰ আৰু সাহায্য অভিযানৰ চলাবলৈ নিৰ্দেশ দিয়ে।
ৰয়টাৰ্ছে (Reuters) প্ৰকাশ কৰা প্ৰতিৱেদন অনুসৰি স্থানীয় লোকে জনাই যে, বিমান খনৰ আধা অংশ পাহাৰত আৰু বাকী আৰ্ধাংশ নদীৰ খাদত পৰিছে ।
দুৰ্ঘটনা সংঘটিত হোৱা প্ৰাৰম্ভিক ভাগত বতৰ অসুবিধাৰ বাবে জনোৱা হৈছিল যদিও পিছত যান্ত্ৰিক বিজুতিৰ বাবে হোৱা বুলি বিমানবন্দৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে আৰু স্পষ্ট দুৰ্ঘটনাৰ কাৰণৰ বাবে তদন্ত এতিয়াও অব্যহত আছে।
উল্লেখযোগ্য যে নেপালত যেন বিমান দু্ৰ্ঘটনা এতিয়া সহজ পৰিছে। তথ্য অনুসৰি বিগত ২৭ বছৰত নেপালত প্ৰায় ২৭ টা বিমান দুৰ্ঘটনা সংঘটিত হৈছে।
এই ক্ষেত্ৰত বিমানবন্দৰ কৰ্তৃপক্ষ অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো দেওবাৰে টুইট যোগে দুৰ্ঘটনাটো সংঘটিতক লৈ দুখ প্ৰকাশ কৰা দেখা গ’ল।