নিউজ ডেস্কঃ নতুন উদ্যমৰে পুনৰ ছবিগৃহলৈ আহিল নতুন অসমীয়া ছবি Black N White । শুক্ৰবাৰে (২৪ ফেব্ৰুৱাৰী,২০২৩) ধনজিৎ দাসৰ পৰিচালনাৰে নিৰ্মিত ছবিখন শুভমুক্তি লাভ কৰে।
ৰোহিত শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত ছবিখন মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু লগতে স্বাগতা ভৰালী, চিন্ময় কাকতি, অতনু মহন্ত, হিমাংশু গগৈক, দৰথী ভৰদ্বাজ, সিদ্ধাৰ্থ মুখাৰ্জীকে ধৰি বহু ন পুৰণি শিল্পী।
CND PRODUCTION ৰ বেনাৰত নিৰ্মিত ছবিখনৰ ছবিখনৰ চিনেমেটোগ্ৰাফী কৰিছে চন্দ্ৰ কুমাৰ দাস। লগতে ছবিখনৰ সংগীতত পল্লৱ তালুকদাৰৰ।
৬ বছৰৰ পিছত ৰপালী পৰ্দাত ভৰি দিয়া ৰবি শৰ্মাই সকলো অসমবাসী ৰাইজক ছবিগৃহলৈ গৈ চাবলৈ আহ্বান জনাইছে।
শনিবাৰে অভিনেতা ৰবি শৰ্মাই ফেচবুক পোষ্টৰ জৰিয়তে লিখে যে, “৬ বছৰৰ মূৰত মোৰ একন ছবি ৰিলিজ হৈছে। দৰ্শকে ভাল পাইছে। মোৰো ভাল লাগিছে। তথাপিও, অকলশৰীয়া অনুভৱ কৰিছোঁ” । ৰবি শৰ্মাৰ এই পোষ্টৰ পিছতেই তেওঁৰ অনুৰাগীসকলে কমেণ্ট কৰি লিখে যে, আমি আপোনাৰ লগত আছোঁ।
ইফালে, পৰিচালক ধনজিৎ দাসেও এক ফেচবুক পোষ্টৰ জৰিয়তে লিখে যে, ইয়াত সৰু মাছবোৰৰ ভাগ্য নিৰ্ণয় কৰে ঘৰৰ ডাঙৰ মাছবোৰে, অথবা বাহিৰৰ সবল লোকসকলে। বাকী চিনেমাখন নিদিলে প্ৰচাৰ কৰিব নিবিচৰা তথাকথিত “ডাঙৰ” সংবাদমাধ্যমলৈ ধন্যবাদ।
ছবিখনে দৰ্শকৰ পৰা যথেষ্ট ভাল বাৰ্তা পাইছে । তথাপিও বৰ্তমানলৈকে ডক্ৰৰ বেজবৰুৱাৰ ২ ৰ দৰে ছবিখনে সঁহাৰি পোৱা দেখা নাই । যাৰবাবে ছবিগৃহত ইমান কম দৰ্শনীৰে ছবিখনৰ সকলো বাজেট ঘূৰাই পাবনে সেয়া সময়ে হে ক’ব।
উল্লেখযোগ্য যে, অসমীয়া চিনেমাত প্ৰায়ে বৰ্তমান দেখা যায় যে মাত্ৰ কিছুমান চিনেমাৰ বাবেহে কিছু শিল্পীৰ ছবিৰ প্ৰতি ধাউতি বাঢ়ে। যেতিয়া সেই যাত্ৰা শেষ হৈ যায় তাৰ পিছত আৰু অন্য অসমীয়া চিনেমাৰ বাবে মন্তব্য এটাও দিয়া দেখা নাযায়। এনেকৈয়ে অসমীয়া চিনেমাৰ জয়যাত্ৰা সম্ভৱপৰ হৈ উঠিব নে ? যদিও বহু ভাল ভাল অসমীয়া চিনেমা মুক্তি হৈছে তথাপিও কেইখনমান ছবি হে আৰ্থিক ভাৱে লাভৱান হৈছে।