নগাঁওঃ থলুৱাক উচ্ছেদ কৰি বহিৰাগতক বৰপীড়া দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নীতিক লৈ ক্ষোভিত হৈ পৰিছে নগাঁৱৰ ৰাইজ।
উৰিয়াগাঁও চকৰ কাষৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বহু বিঘা ভূমি দিল্লীৰ বহিৰাগত প্ৰতিষ্ঠানক লীজত দিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে। পূৰ্বে এই মাটিত স্থানীয় যুৱকে ব্যৱসায়ৰ বাবে লীজত বিচাৰিছিল যদিও NHAৰ বিষয়ববীয়াই চৰকাৰী নিয়মৰ দোহাই দি এইসমূহ ভূমি খালি কৰি ৰাখিছিল।
আনকি উৰিয়াগাঁৱৰ বিদ্যালয়ৰ খেলপথাৰৰ মাটিও অধিগ্ৰহণ কৰি NHAই বৰ্তমান গতাই দিছে দিল্লীৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত। এইসমূহ ভূমিত এতিয়া দিল্লীৱালাই খুলিব ধাবা আৰু পেট্ৰ’ল পাম্প।
কিন্তু ইয়াৰ বিপৰীতে উচ্ছেদ কৰা হৈছে উৰিয়াগাঁৱৰ স্থানীয় ৰাইজে খোলা সকলো ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান। পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ।
ইফালে, বহিৰাগত বণিয়াক এই মাটি লীজত দিয়াৰ বিনিময়ৰ নগাঁৱৰ একাংশ জাতীয় সংগঠনৰ নেতাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ পৰা শকত ধনৰ টোপোলা সংগ্ৰহ কৰাৰো অভিযোগ উঠিছে।
অৱশ্যে এজেৱাইচিপি ইয়াৰ লগত কোনোকাৰণতে জড়িত নহয় বুলিও মন্তব্য কৰিছে সংগঠনটোৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই।