নিউজ ডেস্কঃ National Investigation Agency চমুকৈ এনআইএ-য়ে মষ্ট ৱান্টেড ড’ন ডাউড ইব্ৰাহিমৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে তথ্য যোগান ধৰিলে ২৫ লাখ টকা পুৰষ্কাৰ দিব বুলি ঘোষণা কৰিছে। এই ঘোষণাৰ লগতে NIAয়ে ডাউডৰ এখন নতুন ফটোও শ্বেয়াৰ কৰিছে। 

ইয়াৰোপৰি, NIAয়ে ডাউড ইব্ৰাহিমৰ দলৰে সন্ত্ৰাসবাদী চৌটা ছকিলৰ ওপৰতো ২০ লাখ টকা, অনিছ ইব্ৰাহিম আৰু জাবেদ ছিকনা আৰু টাইগাৰ মেমনৰ ওপৰত ১৫ লাখ টকাকৈ পুৰষ্কাৰ ঘোষণা কৰিছে 

NIAয়ে ঘোষণা কৰি কয় যে- ডাউড ইব্ৰাহিম আৰু অন্য সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তয়বা, জেইছ-এ-মহম্মদ আৰু অল কায়দাৰ সৈতে সক্ৰিয়তাে জড়িত হৈ আছে।

উল্লেখযোগ্য যে, ১৯৯৩চনত ডাউড ইব্ৰাহিমৰ নেতৃত্বতে মুম্বাইৰ ১২টাকৈ স্থানত বোমা বিস্ফোৰণ সংঘটিত হৈছিল। আৰু এই বিস্ফোৰণত প্ৰায় ২৫০জন লোকে হেৰুৱাইছিল প্ৰাণ। তদুপৰি ৭ শতাধিক লোক আহত হৈছিল বোমা বিস্ফোৰণত। ভাৰত চৰকাৰে দাবী কৰিছিল যে- পাকিস্তানে ডাউড ইব্ৰাহিমক আশ্ৰয় দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply