নিউজ ডেস্কঃ ঘোষণা কৰা হৈছে ২০২২ বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা। বেন এছ বাৰ্নানকে, ডগলাছ ডব্লিউ ডায়মণ্ড আৰু ফিলিপ এইচ ডীবৱিগক বেংক আৰু বিত্তীয় সংকটৰ সন্দৰ্ভত কৰা গৱেষণাৰ বাবে প্ৰদান কৰা হৈছে ন’বেল বঁটা।
সমিতিৰ তৰফৰ পৰা কোৱা হৈছে যে- তেওঁলোকৰ গৱেষণাই বিত্তীয় সংকটৰ সময়ত অৰ্থব্যৱস্থাত বেংকৰ ভূমিকাৰ সন্দৰ্ভত আমাৰ জ্ঞান অধিক বৃদ্ধি কৰিছে।
অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা কৰা হয় শান্তিৰ ন’বেল বঁটাৰ পাছত। আৰু এইবাৰ শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে বেলাৰুছৰ মানৱাধিকাৰ অধিবক্তা এলেছ বিয়ালিয়াতস্কী, ৰাছিয়াৰ মানৱাধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱাধিকাৰ সংগঠন চেন্টাৰ ফৰ চিভিল লিবৰিটীজক।