নিউজ ডেস্কঃ ‘তাৱাং ছেক্টৰৰ যাংগতছে ক্ষেত্ৰৰ এলএচিত আগবাঢ়ি আহিবলৈ ৯ ডিচেম্বৰত চীনৰ সেনা বাহিনীয়ে চেষ্টা চলাইছিল। কিন্তু আমাৰ ভাৰতীয় সেনা বাহিনীয়ে চীনা সেনাক পিচুৱাই যাবলৈ বাধ্য কৰে আৰু চীনা সেনাৰ সমূখত সাহসেৰে থিয় দিয়ে। চীনা সেনাক বাধা দিয়াৰ সময়ত দুয়োখন দেশৰে জোৱান আহত হৈছে।’- সদনত এই কথা জনাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে- ‘মই আজি সদনৰ মজিয়াত আপোনালোকক জনাব বিচাৰো যে দুয়োখন দেশৰ কোনো জোৱানৰ মৃত্যু হোৱা নাই। ভাৰতীয় সেনা বাহিনীৰ কামাণ্ডোৰসকলে সঠিক সময়ত গৈ চীনা সেনাক তেওঁলোকৰ সীমাৰ ভিতৰলৈ খেদিবলৈ সক্ষম হয়।’
‘চীনা সেনা বাহিনীক সীমান্তৱৰ্তী এলেকাত এনেধৰণৰ কাম পুনৰ নকৰিবলৈ সকীয়াই দিয়া হৈছে আৰু সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে কোৱা হৈছে। মই সদনত জনাব বিচাৰিছো যে- আমাৰ দেশৰ সৈনিক সকলে ভাৰতৰ নিৰাপত্তাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু দেশৰ অখণ্ডতাক ভংগ কৰিব বিচৰা প্ৰতিটো চেষ্টাক বাধা দিবলৈ সদায় আগবাঢ়ি যাব।’- প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।