নিউজ ডেস্কঃ বছৰটোৰ অন্তিম দিনটোত দক্ষিণ কোৰিয়াৰ প্ৰতি লক্ষ্য কৰি তিনিটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই।
অৱশ্যে মিছাইল নিক্ষেপনৰ ফলত বৰ্তমানলৈ কোনো প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই অনা নাই আন্তঃজাতিক কূটনীতিত।
উল্লেখ্য যে, ৫ দিন পূৰ্বেও উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়ালৈ প্ৰেৰণ কৰিছিল ড্ৰোণ। জানিব পৰা মতে, নিক্ষেপ কৰা মিছাইল কেইটাই ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।
ইফালে, জাপানে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে- উত্তৰ কোৰিয়াই নিক্ষেপ কৰা এটা মিছাইল জাপানৰ সমীপৱৰ্তী সমুদ্ৰ এলেকাত পৰিছে। কিন্তু মিছাইলটো জাপানত পৰা হ’লে সলনি হ’ল হয় পৰিস্থিতি।