নিউজ ডেস্ক: ওলা-উবেৰ চালকসকলৰ লগতে মহানগৰবাসীৰ বাবে এক দুখবৰ। কিয়নো ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ হ’ব ওলা-উবেৰৰ কেব সেৱা।
আজি এক সংবাদমেলত সদৌ অসম কেব মজদুৰ সংঘ আৰু অল গুৱাহাটী বাইক টেক্সী অপাৰেটৰ ইউনিয়নে ১ ফেব্ৰুৱাৰীৰ পৰা গুৱাহাটীত ওলা-উবেৰৰ কেব সেৱা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। ওলা-উবেৰৰ ওপৰিও ৰেপিডো বাইক-স্কুটি সেৱাও স্থগিত হ’ব বুলি জানিব পৰা গৈছে।
দীৰ্ঘদিন ধৰি টেক্সি চালক সকল কোম্পানীটোৰ পৰা শোষণৰ বলি হৈ আহিছে বুলি দাবী কৰে। লগতে তেওঁলোকে কয় যে, ৰাজ্যত প্ৰায় ১৮০০০ত কৈও অধিক বাহনে এই ওলা-উবেৰ এপৰ ব্যৱহাৰ কৰি আছে।
উল্লখেযোগ্য যে, ২০২২ চনৰ নৱেম্বৰ মাহত টেক্সি চালক সকলে ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে তেওঁলোকৰ আবেদনৰ প্ৰতি সঁহাৰি নজনোৱালৈকে তেওঁলোকে ৰাজহুৱা সেৱা বন্ধ ৰাখিব। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰক এটা নতুন এপ মুকলি কৰাৰ বাবে আহ্বান জনাইছিল।