নিউজ ডেস্কঃ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন কলীয়া ভোমাৰা দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। সেই সময়তে পুৰণি কলীয়া ভোমাৰা দলংখন বন্ধ ৰখাৰ ঘোষণা কৰা হৈছে। অহা ১ নবেম্বৰৰ পৰা সম্পূৰ্ণ বন্ধ থাকিব এইখন দলং।

মেৰামতিৰ বাবে পুৰণি কলীয়া ভোমাৰা দলঙৰ ওপৰেৰে যান-বাহনৰ চলাচল বন্ধ থাকিব। আৰু নতুন দলংখনৰ ওপৰেৰে অহা-যোৱা কৰিব পাৰিব যান-বাহনসমূহ। 

শোণিতপুৰ জিলা উপায়ুক্তৰ সভাকক্ষত ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন পৰিসীমিতৰ উপ সঞ্চালক বিবেক যোশী আৰু জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই সংবাদমেলযোগে এই ঘোষণা কৰে। 

ইফালে, চলিত বৰ্ষৰ ২৩ ছেপ্টেম্বৰত দ্বিতীয়খন কলীয়া ভোমাৰা দলং পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে অসমৰ বাবে এইখন অতি গুৰুত্বপূৰ্ণ দলং বুলি মন্তব্য কৰিছিল।

উল্লেখ্য যে, এই নতুন দলংখন প্ৰায় ৫৮৮.৯৫ কোটি টকাৰে ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। আৰু এইখন দলে উত্তৰ পাৰৰ সীমান্তলৈ যোগাযোগ ব্যৱস্থা সুচল হোৱাত সেনাৰ বাে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply