নিউজ ডেস্কঃ অসুস্থ হৈ পৰিছে প্ৰধানমন্ত্ৰী মোডীৰ মাতৃ হীৰাবেন বা। অসুস্থ হৈ পৰাৰ পাছতে হীৰাবেন বাক ভৰ্তি কৰা হৈছে আহমেদাবাদৰ চিকিৎসালয়ত।
ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডী ৰাওনা হৈছে আহমেদাবাদলৈ। বিমান বন্দৰৰ পৰা পোনে পোনে ইউ এন হাস্পতাললৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ হৈছে বুলি জানিবলৈ দিয়ে চিকিৎসকে। লগতে হাস্পতালখনৰ চিকিৎসকে জাৰি কৰিছে এখন হেলথ বুলেটিন।