সিদ্ধাৰ্থ শংকৰ ডেকা

“ভাৰতে বিশ্বকাপ কেতিয়া খেলিব?”

“১৩০ কোটি মানুহৰ দেশৰপৰা ১১জন খেলুৱৈ নোলায়নে?”

“ভাৰত বাংলাদেশৰ লগতে হাৰে, বিশ্বকাপ খেলিব!”

এই প্ৰশ্নবোৰ বা তাচ্ছিল্যবোৰ যদি শুনিছে তেন্তে জানি থওঁক আকৌ পুৰুষৰ বিশ্বকাপ ফুটবল আহিছে ৷ প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই কথাবোৰৰ চৰ্চা এমাহমান চলে ৷ তাৰ পাছত সকলো শুই পৰে ৷ ফুটবলৰ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা প্ৰতি চাৰি বছৰৰ মূৰে মূৰে হয় আৰু মূলতঃ ব্ৰাজিল বা আৰ্জেণ্টিনাৰ খেল চাই নিজৰ দেশৰ কথা ভাবি হাহুমুনিয়াহ কাঢ়ি সকলোৱে পুনৰ স্বাভাৱিক জীৱনচৰ্যালৈ উভতে ৷ বোধকৰো বিশ্বকাপ ফুটবল অবিহনে এইবাৰ প্ৰথমবাৰলৈ মূলসুঁতিৰ ভাৰতত ফুটবল চৰ্চা তেতিয়া হ’ল যেতিয়া ফিফাই ভাৰতক নিলম্বন কৰিলে ৷ হঠাতে যেন সকলো উদ্বিগ্ন হৈ পৰিল ভাৰতীয় ফুটবলক লৈ ৷ কোনোদিনে ভাৰতীয় ফুটবলত কি চলিছে তাৰ ন্যূনতম খবৰ দিব নিবিচৰা মূলসুঁতিৰ সংবাদ মাধ্যমো ব্যাকুল হৈ পৰিল ৷ যি কি নহওঁক সেই অধ্যায়ৰ যৱনিকা পৰিল আৰু ফিফাই নিলম্বন প্ৰত্যাহাৰ কৰিলে ৷ উদ্বিগ্নতাৰো যেন অন্ত পৰিল। সকলো যেন ঠিক হৈ গ’ল ৷ আচলতে কথাটো তেনেকুৱানে!

ফিফাই ভাৰতক নিলম্বন কৰাৰ মৌলিক কাৰণ আছিল। কিন্তু সেয়া ভাৰতীয় ফুটবলৰ মূল সমস্যা নাছিল ৷ নিলম্বনে ভাৰতীয় ফুটবলৰ প্ৰশাসনিক উশৃঙ্খলতা সাময়িকভাৱে সংশোধন কৰি তাক বিধিসন্মত কৰিলে ৷ কিন্তু ভাৰতীয় ফুটবলৰ ৰোগ ইয়াতকৈ গুৰুতৰ আৰু বহু তললৈ শিপোৱা ৷ চাওঁ আহক শেহতীয়া এটা উদাহৰণ ৷ হয়তো ই স্পষ্ট কৰিব বিশ্বকাপৰ বাবে আমি দেখা সপোন অহেতুক ফেন্টাছী নে বাস্তৱ? যদি বাস্তৱ, সেই সপোন পূৰণৰ পথ তৈয়াৰ কৰি থকা হৈছেনে?

ভাৰতীয় মহিলা ফুটবল দলটো ছাফ চেম্পিয়নশ্বিপত বাংলাদেশৰ হাতত ৩-০ গ’লত হাৰিল ৷ নেপালৰ হাতত ছেমিফাইনেলত ১-০ গ’লত হাৰিল ৷ বিশ্বকাপৰ সপোন দেখা দেশে দক্ষিণ এছীয় প্ৰতিযোগিতাত একাধিপত্য স্থাপন কৰিব লাগে ৷ কিন্তু এয়া কি ? ফিফাৰ নিলম্বনৰ ক্ষেত্ৰত সৰৱ ব্যক্তিসকল নীৰৱ ৷ মনত ৰাখিব শেহতীয়া ফিফা ৰেংকিঙত ভাৰতৰ মহিলা দলটোৰ স্থান ৫৮ ৷ বাংলাদেশৰ ১৪৭ ৷ তেন্তে ই কেনেকৈ সম্ভৱ হ’ল ? কাগজে কলমে কথাটো নিমিলে ৷ তাতে ভাৰত মহিলা ছাফ চেম্পিয়নশ্বিপত ৫ বাৰৰ চেম্পিয়ন ৷ সবাতোকৈ সফল । তেন্তে এইটো এটা মাত্ৰ চমক নেকি? বাংলাদেশে ভাৰতীয় খেলুৱৈসকলৰ সাময়িক দুৰ্বলতাৰহে সুযোগ ল’লে নেকি?

আচলতে বাংলাদেশৰ মহিলা ফুটবলৰ বিগত ১০ বছৰৰ অগ্ৰগতি মন কৰিলেই আমি গম পাম যে বাংলাদেশৰ এই সফলতা কোনো চমক নহয় ৷ বৰং নীৰৱ আৰু নিৰলস সাধনাৰ ফল ৷ ‘বাংলাদেশৰ লগতো হাৰে’ ধৰণৰ তৰল মন্তব্য কৰা মানুহেই ঢেৰ ওলাব । কিন্তু বাংলাদেশে অৰ্থনীতি বা মানৱ সম্পদ উন্নয়নৰ দৰেই ফুটবলতো সঠিক ঠাইত সঠিক বিনিয়োগ আৰু সাধনাৰ ফল পাবলৈ আৰম্ভ কৰিছে ৷ এয়া কোনো fluke নহয় ৷ বাংলাদেশৰ মহিলা ফুটবলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ছোৱালীৰ স্কুল ফুটবল আৰম্ভ হৈছিল । ২০১০ত আৰম্ভ হোৱা বংগ মাতা স্কুল ফুটবল টুৰ্নামেণ্টত দেশৰ ৬৫০০০ স্কুলৰ ১১লাখ ছাত্ৰীয়ে অংশ লৈছিল আৰু সেই বিশাল পৰিসৰৰ প্ৰতিযোগিতা অব্যাহত আছে ৷ তাৰপৰাই বছৰে বছৰে দেশৰ অনুৰ্ধ ১৫, ১৭, ১৯ দলৰ বাবে খেলুৱৈ বছা হৈ আহিছে ৷ ভাৰতৰ বিৰুদ্ধে মেচৰ ষ্টাৰ খেলুৱৈ ৰিতুপৰ্ণা চাক্‌মাও এইদৰেই ৰাষ্ট্ৰীয় দললৈ আহিছে ৷ ফুটবলাৰ তেনেকৈয়ে জন্ম হয় ৷ বিশ্বকাপৰ দুৱাৰো তেনেকৈয়ে খোল খায়, চাৰি বছৰৰ মূৰে মূৰে সাৰ পাই চিঞৰবাখৰ কৰিলে নাখায় ৷ ছিনিয়ৰ দলত খেলি বিশ্বজয়ৰ বাবে আকাশৰ পৰা খেলুৱৈ সৰি নপৰে ৷ বাংলাদেশে বুজিছে যে বিশ্বজয়ৰ বাটত প্ৰথমটো ঢাপ হ’ল আঞ্চলিক পৰ্যায়ত আধিপত্য স্থাপন ৷ তাৰ পাছত মহাদেশীয় ৷ তাৰ পাছতহে বিশ্ব ৷ ইয়াৰ বাবে নীৰৱ সাধনা কৰিছে ৷ এই নীৰৱ সাধনাৰ ফল পাইছে ৷ আৰু আমাৰ ইয়াত কি হয়! চিঞৰ বাখৰ ৷ চমকত জোৰ ৷ তিলটো তাল ৷ বলীউড কিম্বা ক্ৰিকেটৰ বোকোচা ৷ মহিলাৰ আইডব্লিউএলৰ প্ৰতি ইমানেই অৱহেলা যে কোভিড বুলি এবাৰ নাপাতিলেই ৷ আইএছএল,আই লীগ ঠিকেই হ’ল ৷ অসমৰ দৰে বেছিভাগ ৰাজ্যত মহিলাৰ লীগ বোলা বস্তুটোৱে গঢ় লোৱা নাই ৷ মহিলাই প্ৰশিক্ষণ বা খেলাৰ পৰ্যাপ্ত সুযোগ নাপায় ৷ নাই ছোৱালী ফুটবলাৰৰ বাবে পৰ্যাপ্ত প্ৰতিযোগিতা ৷ বেছিভাগ ক্লাব বা ফুটবল সংস্থাৰ মহিলাৰ ফুটবলৰ প্ৰতি আওকনীয়া মনোভাৱ ৷ তেন্তে দীৰ্ঘম্যাদী চিন্তা কৰা বাংলাদেশৰ হাতত ভাৰত হৰাটো চমক নে স্বাভাৱিক কথা ?

ফিফাৰ নিলম্বনৰ ক্ষেত্ৰত উদ্বেগৰ অন্যতম কাৰণ আছিল ভাৰতত হ’ব লগা মহিলাৰ অনুৰ্ধ ১৭ বিশ্বকাপলৈ আহি পৰা অনিশ্চয়তা ৷ সেই অনিশ্চয়তা এতিয়া আঁতৰিল ৷ আমেৰিকা বা ব্ৰাজিলৰ দৰে মহিলা ফুটবলৰ মহাশক্তিৰ সৈতে একেলগে যুঁজিব ভাৰতৰ কিশোৰী ফুটবলাৰে ৷ শুনিবলৈ কথাটো ভাল । কিন্তু যিখন দেশত মহিলাৰ ফুটবলক এক গাঁথনিগত ৰূপ দিয়া হোৱা নাই, তাত ৰাজহুৱা ধন ব্যয় কৰাৰ বিনিময়ত বিশ্বকাপ পাতি অংশ লৈ সাময়িক সকাহ পাব পাৰি ৷ ভাৰতীয় ফুটবলক ৰোগাক্ৰান্ত কৰা কাৰকসমূহৰ নিৰাময় নহয় ।

বিশ্বজয়ী ফুটবলাৰ জন্ম কিদৰে হয় তাৰ এক বিশ্বজনীন পদ্ধতি আছে ৷ এটি শিশুৱে ৪-৫ বছৰৰপৰা ফুটবল শিকিব আৰু খেলিব ৷ স্থানীয় পেছাদাৰী বা অপেছাদাৰী ক্লাবত ৷ ১২-১৩ বয়স পৰ্যন্ত সেই প্ৰক্ৰিয়া চলিব ৷ ১২-১৩ বছৰত তেওঁ পেছাদাৰী চুক্তি স্বাক্ষৰ কৰি পেছাদাৰী ক্লাবত যোগ দিব ৷ তাৰ পৰা ১৮ বছৰ পৰ্যন্ত য়ুথ লীগ আদিত খেলিব ৷ আৰু তাৰ পাছতে ছিনিয়ৰ লীগ ৷ তাৰ প্ৰদৰ্শনৰ ভিত্তিত ৰাষ্ট্ৰীয় দললৈ যাব ৷ এয়াই হৈছে বিশ্বজয়ী ফুটবলাৰ জন্ম দিয়াৰ প্ৰক্ৰিয়া ৷ লায়োনেল মেছি বা নেইমাৰ বা মাৰ্টা বা এলেক্স মৰগানৰ জন্ম সেইদৰেই হৈ আহিছে ৷ ভাৰতত সেই প্ৰক্ৰিয়াটো দেখিছেনে? যদি নাই দেখা ভাৰতে বিশ্বকাপ কিয় নেখেলে তাৰ উত্তৰো তাতেই লুকাই আছে ।

ভাৰত আৰু বিশ্বকাপৰ দূৰত্ব কিমান সেয়া আলোচনা কৰিম পৰৱৰ্তী সপ্তাহত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply