নিউজ ডেস্কঃ পাকিস্তানৰ পেশ্বাৱৰত এটা মছজিদত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এতিয়ালৈকে এই বোমা বিস্ফোৰণ কোনটো সন্ত্ৰাসবাদী সংগঠনে সংঘটিত কৰিছে সেই বিষয়ে জানিব পৰা হোৱা নাই।
জানিব পৰা মতে, যিসময়ত বোমা বিস্ফোৰণ সংঘটিত হৈছিল, সেই সময়ত মছজিদত বহু লোকে দোৱা কৰি আছিল। আৰু বিস্ফোৰণৰ ফলত মছজিদৰ এখন দেৱাল খহি পৰে।
ইফালে, মছজিদটোৰ খহি পৰা অংশৰ তলত এতিয়াও বহু লোক আৱদ্ধ হৈ আছে। উল্লেখ্য় যে, পাকিস্তানৰ পেশ্বাৱৰত সোমবাৰে এই আত্মঘাটি বোমা বিস্ফোৰণৰ ফলত ১৭জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
আনহাতে, বিস্ফোৰণৰ ফলত প্ৰায় ৫০জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। দিনৰ প্ৰায় ১.৪০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।