নিউজ ডেস্কঃ পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা বৰ্তমান সময়ত অতি বেয়া। যাৰ ফলত সকলো সামগ্ৰীৰ মূল্য অত্যাধিক হাৰত বৃদ্ধি পাবলৈ ধৰিছে।

চুবুৰীয়া ৰাষ্ট্ৰখনত বৰ্তমান এনে সময় আহিছে যে এক লিটাৰ পেট্ৰ’লতেই বৃদ্ধি পাইছে ৩৫ টকাকৈ। ইফালে, প্ৰতিলিটাৰ ডিজেলতো একেধৰণে ৩৫ টকাকৈ বৃদ্ধি পাইছে।

পাকিস্তানত এই নতুন মূল্য প্ৰযোজ্য হ’ব ২৯ জানুৱাৰীৰ পৰা। দেশখনৰ বিত্ত মন্ত্ৰীগৰাকীয়ে পেট্ৰ’ল, ডিজেলৰ লগতে কেৰোচিনৰো মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

প্ৰতি লিটাৰ কেৰাচিনত ১৮ টকাকৈ মূল্যবৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে পাকিস্তান চৰকাৰে। পাকিস্তানত পেট্ৰ’লৰ নতুন মূল্য হ’ব ২৪৯.৮০টকা । আনহাতে হাইস্পীড ডিজেলৰ মূল্য প্ৰতি লিটাৰত ২৬২.৮০ টকা। লাইট ডিজেলৰ মূল্য ১৮৭ প্ৰতি লিটাৰত। কেৰাচিনৰ মূল্য ১৮৯.৮০ টকা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply