নিউজ ডেস্কঃ চলিত বৰ্ষৰ জানুৱাৰী ২৫ তাৰিখে ভাৰতৰ সকলো ছবিগৃহত মুক্তি পাব নতুন হিন্দী ছবি ‘পাঠান’। Yash Raj Filmsৰ বেনাৰত নিৰ্মাণ হোৱা বহু প্ৰত্যাশিত ছবি “পাঠান”ৰ অফিচিয়েল ট্ৰেইলাৰ আজি মুকলি হয়।
উল্লেখ্য যে, ২০১৮ চনৰ “জিৰো”ৰ পিছত চুপাৰষ্টাৰ শ্বাহৰুখ খানে পুনৰ ৫ বছৰ সময়ৰ অন্তত পাঠানৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত খনত বলিউদৰ বহুতো তাৰকাই অভিনয় কৰিছে।
ছবিখনত অভিনয় কৰা সকলৰ ভিতৰত আছে দীপিকা পাডুকন, জন আব্ৰাহাম, ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰাণা। সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা পৰিচালিত আৰু আদিত্য চোপ্ৰাৰ দ্বাৰা প্ৰযোজিত স্পাই একচন-থ্ৰিলাৰ ছবি হৈছে “পাঠান”।
আহিবলগীয়া Yash Raj Films (YRF)ৰ প্ৰযোজনাত “পাঠান”ত এক বিশেষ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত ২.৩৪ মিনিটৰ দীঘল ট্ৰেইলাৰটো শ্বেয়াৰ কৰিছে।