গুৱাহাটীঃ অসমত পুনৰ পিএফআই নেতা–কৰ্মী আটক। অসমৰ আঠখন জিলাৰ পৰা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ২৫জন পিএফআই নেতা–কৰ্মী।

ইয়াৰে ভিতৰত কামৰূপ জিলাৰ পৰা ৫জন, গোৱালপাৰাৰ পৰা ১০জন, কৰিমগঞ্জৰ পৰা এজন, ওদালগুৰিৰ পৰা এজন, দৰঙৰ পৰা এজন, ধুবুৰীৰ পৰা তিনিজন, বৰপেটাৰ পৰা দুজন আৰু বাক্সাৰ পৰা দুজনক আটক।

উল্লেখ্য যে, ২৩ছেপ্তেম্বৰতো আৰক্ষীয়ে চাৰিজন কামৰূপ (গ্ৰাম্য) জিলাৰ নগৰবেৰাৰ, দুজন গুৱাহাটীৰ আৰু কৰিমগঞ্জ, বৰপেটা, বাক্সা আৰু নগাঁৱৰ এজনকৈ পিএফআই কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল।

ইয়াৰ উপৰিও সমগ্ৰ দেশত ১৭০জনৰো অধিক পিএফআই কৰ্মীক আটক কৰিছে আৰক্ষীয়ে।

লগতে পঢ়কঃপিএফআই নিষিদ্ধ কৰিবলৈ অসম চৰকাৰে কেন্দ্ৰক বাৰে বাৰে অনুৰোধ জনাই আহিছিল:মুখ্যমন্ত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply