নিউজ ডেস্ক – কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত গুৰুত্বপূৰ্ণ নীতিগত বিষয়সমূহৰ ওপৰত মত বিনিময় কৰাৰ অৰ্থে আজি অনুষ্ঠিত হৈ যায় নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হৈছে নীতি আয়োগৰ সপ্তম পৰিচালনা পৰিষদৰ বৈঠক।

নীতি আয়োগৰ শীৰ্ষ সংস্থা পৰিচালনা পৰিষদৰ বৈঠকত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গভৰ্ণৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰ, নীতিন গাডকাৰী, পীয়ুষ গোৱেল, ধৰ্মেন্দ্ৰ প্ৰধান আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰিছে।

YouTube video

মুখ্যমন্ত্ৰীসকলৰ ভিতৰত আছিল অসমৰ মুখ্য়মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন ৰেড্ডী।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক শ্বাহ, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেল, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহা, লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ ৰাধা কৃষ্ণ মাথুৰও উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply