নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে লক্ষ্ণৌত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত তিনিদিনীয়া উত্তৰ প্ৰদেশ গোলকীয় বিনিয়োগকাৰী সন্মিলন (Uttar Pradesh Global Investors Summit) ২০২৩ উদ্বোধন কৰে।
এই বৃহৎ অনুষ্ঠানটো ১২ ফেব্ৰুৱাৰীত সমাপ্তি পৰিব। উক্ত অনুষ্ঠানটোত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী লগতে দেশৰ আগশাৰী কেইবাজনো উদ্যোগপতি উপস্থিত থাকিব বুলি আশা কৰা হৈছে।
গোলকীয় সন্মিলনখনত প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰদান কয় যে, “মই এই সন্মিলনত সকলো বিনিয়োগকাৰীক স্বাগতম জনাইছো। আজি উত্তৰ প্ৰদেশ সুশাসন, শান্তি, আইন-শৃংখলা আৰু স্থিৰতাৰ বাবে জনাজাত” ।
আন্তঃগাঁথনিৰ লগতে, উত্তৰ প্ৰদেশ বৰ্তমান ব্যৱসায় কৰাৰ সহজতাৰ বাবে ইয়াৰ ‘চোচ এণ্ড এপ্ৰোচ’ সলনি হৈছে লগতে ই নতুন ভাৰতৰ বিকাশক আগুৱাই লৈ গৈছে বুলি সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে কয়।
অনুষ্ঠানটোত উপস্থিত থকা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চিএমডি মুকেশ আম্বানীয়ে ভাষণ প্ৰদান কৰি কয় যে, ৰিলায়েন্সে অহা চাৰি বছৰত উত্তৰ প্ৰদেশৰ জিঅ’ৰ লগতে খুচুৰা আৰু নৱীকৰণযোগ্য ব্যৱসায়ত অতিৰিক্ত ৭৫,০০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত ৰাজ্যখনত অতিৰিক্ত ১ লাখৰো অধিক চাকৰি সৃষ্টি হ’ব।
ইফালে হিন্দুস্তান ইউনিলিভাৰৰ উপস্থিত থকা মুখ্য কাৰ্যবাহী বিষয়া আৰু এমডি সঞ্জয় মেহতাই কয়, “উত্তৰ প্ৰদেশ আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ৰাজ্য। মই বিনিয়োগকাৰীসকলক উত্তৰ প্ৰদেশলৈ আহিবলৈ পৰামৰ্শ দিছো কিয়নো ইয়াত এতিয়া বিনিয়োগৰ পৰিৱেশ উপযুক্ত আৰু চৰকাৰ সক্ৰিয়।”
উল্লেখ্যযোগ্য যে, এই গোলকীয় সন্মিলনত উদ্যোগপতি গৌতম আদানীৰ উপস্থিত থাকিব নে নাই বৰ্তমানৰ লৈকে সুনিশ্চিত হোৱা নাই। হিনণ্ডেবাৰ্গৰ তথ্য প্ৰকাশৰ পিছতেই উত্তৰ প্ৰদেশৰ চৰকাৰে আদানীৰ সৈতে কৰা ৰাজ্যখনত বিদ্যুৎ সংস্থাপনৰ টেণ্ডাৰ বৰ্তমান নাকচ কৰিছে। যাৰ ফলত উত্তৰ প্ৰদেশৰ উন্নয়নৰ পথত সহযোগ কৰিবলৈ আদানী নতুবা আদানী গ্ৰুপৰ সদস্য উপস্থিত থাকে নে সেইয়া লক্ষণীয় হ’ব।
লগতে পঢ়ক – সংস্থাপন দিয়া হ’ব বাল্য বিবাহৰ ভুক্তভোগী মহিলাক