নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উদ্বোধন কৰে 5G সেৱা। তেওঁ পুৱা এই সেৱা মুকলি কৰাৰ পাছতে দেশৰ ১৩খন চহৰত এই সেৱা আৰম্ভ কৰা হৈছে।
জানিব পৰা মতে, ২০২৩ বৰ্ষলৈ এই সেৱা সমগ্ৰ দেশবাসীয়ে লাভ কৰাৰ উদ্দেশ্য সমূখত লৈ এই সেৱা আজি উদ্বোধন কৰা হয়। দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২২ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰে 5G সেৱা।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, 4Gৰ তুলনাত ১০ গুণ অধিক গতিত কাম কৰে 5G সেৱাত। ইয়াৰ দ্বাৰা ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে ডাউনলোড, এপ, গেমছ আদি ব্যৱহাৰ কৰাৰ বাবে অধিক সুবিধা লাভ কৰিব।
উল্লেখযোগ্য যে, দেশত আজি 5Gসেৱা উদ্বোধন কৰা হয়। আৰু ১৩খন চহৰতহে এই সেৱা উপলব্ধ হ’ব। সেই চহৰ কেইখন ক্ৰমে- দিল্লী, মুম্বাই, চেন্নাই, কলকাতা, বাংগালুৰু, চণ্ডীগড়, গুৰুগ্ৰাম, হায়দৰাবাদ, লক্ষ্ণৌ, পুণে, গান্ধীনগৰ, আহমেদাবাদ আৰু জামনগৰ।