নিউজ ডেস্কঃ নতুন দিল্লীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিজেপি কাৰ্যনিৰ্বাহকৰ সভা মঙলবাৰে সামৰণি পৰে। দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণ প্ৰদান কৰি বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। 

প্ৰধানমন্ত্ৰী গৰাকীয়ে বিজেপিৰ কৰ্মী আৰু নেতাক উদ্দেশ্যি কৰি কয় যে, আমাৰ হাতত মাত্ৰ ৪০০ দিনহে বাকী আছে আগন্তুক নিৰ্বাচনৰ (লোকসভা নিৰ্বাচন) বাবে আৰু আমি জনসাধাৰণৰ সেৱাৰ বাবে সকলো কৰিব লাগিব। লগতে মোদীয়ে কয় যে, আমি এতিয়া কেৱল ৰাজনৈতিক আন্দোলন নহয়, আৰ্থ সামাজিক পৰিবৰ্তনৰ বাবে কাম কৰা এক সামাজিক আন্দোলনো। 

লগতে দ্বিতীয় দিনাৰ কাৰ্যনিৰ্বাহকৰ ভাষণ প্ৰদান কৰোঁতে তেওঁ উল্লেখ কৰে যে, মছুলমান সম্পৰ্কে কোনো ভুল মন্তব্য নকৰিবলৈ বিজেপিৰ নেতা-কৰ্মী নিৰ্দেশ প্ৰদান কৰে। তদুপৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ভোট দিয়ক বা নিদিয়ক বিজেপিৰ নেতা কৰ্মীক শিক্ষিত মুছলমানৰ কাষলৈ যাবলৈ কয়। 

প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাষণৰ মাজতে ৰাজস্থান আৰু চতীশগড়ৰ কাৰ্যকতা সকলক উদ্দেশ্য কৰি কয় যে- অতি আত্মবিশ্বাসৰ বাবে নিৰ্বাচনত পৰাজয় হ’ব লগীয়া হৈছিল , অতি আত্মবিশ্বাসৰ পৰা সকলো বাচি থাকিব লাগে আৰু সকলোৱে কষ্ট কৰিব লাগে। 

উল্লেখ্যযোগ্য যে, জে পি নাড্ডাৰ বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ সভাপতি ৰূপে কাৰ্যকাল শেষ হোৱাৰ আগেই মঙলবাৰে নাড্ডাৰ কাৰ্যকালৰ সময়সীমা ২০২৪ ৰ জুন মাহৰ লৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বয়ে, যাতে তেওঁৰ নেতৃত্বত দলটো আৰু অধিক হৈ উঠে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply