নিউজ ডেস্কঃ আদিপুৰুষ ছবিখনক লৈ মুক্তি লাভৰ পূৰ্বৰে পৰা মুক্তি লাভৰ পাছতো অব্যাহত আছে বিতৰ্ক। প্ৰায় ৬০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ছবিখনক লৈ একাংশই অসন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে একাংশ দৰ্শকে ছবিখন উপভোগ কৰাও পৰিলক্ষিত হৈছে। 

তাৰ মাজতে আদিপুৰুষ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰভাসক লৈ প্ৰকাশ পাইছে এটা বিশেষ খবৰ। এনডিটিভিৰ বাতৰি অনুসৰি, অভিনেতাগৰাকীয়ে ভাড়াত দিছে ইটালীৰ এটা বাসগৃহ। 

বাহুবলী ষ্টাৰ প্ৰভাসে মাহিলী প্ৰায় ৪০ লাখ টকাত ভাড়াত দিছে বাসগৃহটো। উল্লেখযোগ্য যে, বাহুবলী ১ আৰু বাহুবলী ২ৰ পাছত অভিনেতা গৰাকীৰ তিনিখনকৈ ছবি মুক্তি পাইছে।

ইয়াৰে প্ৰথম দুখন ছবি ফ্ল’প হোৱাৰ পাছত তেওঁৰ তৃতীয়খন ছবি আদিপুৰুষ এতিয়া বিতৰ্কত সোমাই পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply