নিউজ ডেস্কঃ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ প্ৰস্তাৱ সন্দৰ্ভত। প্ৰমোদ বড়োৱে কয় য়ে- পৃথক কমতাপুৰ ৰাজ্য সন্দৰ্ভত আমি একো ক’ব নোৱাৰো। কিয়নো দুখন ৰাজ্যৰ কথা যেতিয়াই আহিব তেতিয়াই কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত আলোচনা কৰিব। 

তেওঁ লগতে কয় যে- ‘আমি এতিয়া একেলগে সকলোৱে ভালকৈ বসবাস কৰি আছো। অনাগত দিনত শান্তিত থাকিব বাচিৰো।’

প্ৰমোদ বড়োৱে আৰু কয় যে- আমাৰ বহু সময় ইতিমধ্যে নষ্ট হৈ গ’ল, বহুত অশান্তি হৈ গ’ল। এতিয়া আমি কেৱল শান্তি বিচাৰো। এতিয়া কোনো উগ্ৰপন্থী জংঘলত থকাৰ পৰিৱেশ নাই। 

উল্লেখযোগ্য যে, আজি চিৰাঙৰ কাজলগাঁৱৰ সমীপৰ নিলিবাৰীত নৱনিৰ্মিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্ধোধন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰমোদ বড়োৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply