নিউজ ডেস্কঃ কাৰাগাৰৰ পৰা জামিন লাভ কৰিলে প্ৰণীতা চুতীয়াই। এতিয়া ৭ আগষ্টত জিলা ভিত্তিক উশ্বু চেম্পিয়নশ্বিপত অংশ ল’ব পাৰিব প্ৰণীতাই।
ছ’চিয়েল মিডিয়াত প্ৰকাশিত যিকোনো প’ষ্টত কমেন্ট বহু লোকে কৰে। কিন্তু কেতিয়াবা কেতিয়াবা কমেন্ট কৰি বিপদতো পৰিবলগীয়া হয়। সেই একে ঘটনা সংঘটিত হৈছিল চৰাইদেউ জিলাৰ প্ৰতিভাৱান উশ্বু খেলুৱৈ প্ৰণীতা চুতীয়াৰ ক্ষেত্ৰত।
এমাহৰ পূৰ্বে প্ৰণীতাই ফেচবুকত সম্প্ৰচাৰিত এটা বাতৰিৰ কমেন্টত লিখিছিল ” আলফাৰ লিংক পালে মইও যাম, আই লাভ আলফা “।সেই কমেন্টটোৰ অপৰাধতে ১৭জুনত চৰাইদেউ আৰক্ষীয়ে ঘৰৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল প্ৰণীতা চুতীয়া ওৰফে মাইনা চুতীয়াক।
কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা প্ৰণীতাক মুকলি কৰি দিয়াৰ দাবীত তোলপাৰ লাগিছিল ৰাজ্য। প্ৰণীতাৰ মাতৃ পূৰ্ণিমা চুতীয়াই কন্যাক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীক কান্দি কান্দি আহ্বান জনাইছিল। লগতে প্ৰণীতাই আলফাত যোগদান নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে মাতৃয়ে ৷ অৱশেষত প্ৰণীতাৰ মাতৃৰ আহ্বান কাণত পৰিল ৰজাঘৰীয়াৰ। ডেৰ মাহৰ মূৰত শুকুৰবাৰে শিৱসাগৰৰ কাৰাগাৰৰ পৰা জামিন লাভ কৰিলে প্ৰণীতাই।
প্ৰণীতাই গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম আন্তঃজিলা ছিনিয়ৰ উশ্বু চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত হৈছে। কাৰাগাৰৰ পৰা মুকলি হৈ খেলুৱৈ গৰাকী আগন্তুক উশ্বু চেম্পীয়নশ্বিপৰ বাবে প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিব বুলি জানিব পৰা গৈছে।