নিউজ ডেস্কঃ অসমত আহি উপস্থিত হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ। কিছুসময় পূৰ্বে বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু জিএমচিৰ মেয়ৰ গৰাকী। 

জানিব পৰা মতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে বহু কেইটা প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠান আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ইয়াৰ পূৰ্বে তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ আন এখন ৰাজ্য়ত উপস্থিত হৈছিল। ত্ৰিপুৰাত কাৰ্যসূচীসমূহ সম্পন্ন কৰি ৰাষ্ট্ৰপতিগৰাকী আজি গুৱাহাটীত উপস্থিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply