নিউজ ডেস্কঃ আজি ১৪ ফেব্ৰুৱাৰী। সমগ্ৰ বিশ্বই আজিৰ দিনটো প্ৰেমৰ দিন হিচাপে পালন কৰিছে। কিন্তু তাৰ মাজতে আপোনালোকৰ হয়তো মনত আছে যে, ২০১৯চনৰ আজিৰ দিনটোতেই কাশ্মীৰৰ পুলৱামাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ এক ঘটনা। যি ঘটনাই এতিয়াও দেশবাসীক দুখিত কৰি তোলে। 

CRPFৰ বিশাল কনভয়ত সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণত শ্বহীদ হৈছিল ৪০ জনকৈ বীৰ জোৱান আৰু আহত হৈছিল প্ৰায় ৩৫ জন। পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিছিল এই আক্ৰমণ। 

আজিৰ দিনটোত দেশবাসীয়ে বীৰ শ্বহীদ সকলক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। উল্লেখ্য যে, ২০ বছৰীয়া আদিল আহমেদ নামৰ যুৱকজনে আত্মঘাতী আক্ৰমণ সংঘটিত কৰিছিল। 

১৪ ফেব্ৰুৱাৰীৰ দিনা চিআৰপিএফৰ এখন কনভয় আহি থকা সময়তেই এই আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তানত থকা জেইছ-এ-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply