নিউজ ডেস্কঃ পঞ্জাৱ কাউন্টাৰ ইন্টেলিজেঞ্চে শনিবাৰে পঞ্জাৱৰ গইণ্ডবাল জেলৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী যশকৰণ সিঙক গ্ৰেপ্তাৰ কৰি সোধ-পোছ কৰাত এক আচৰ্যজনক তথ্য পোহৰলৈ আহিছে। 

সোধ-পোছৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰীটোৱে কয় যে- জে’লৰ ভিতৰত সিঙে এটা মোবাইলত হোৱাটছএপত ফোন কৰি পাকিস্তানৰ সৈতে গোপনে কথা পাতি আহিছে। 

পাকিস্তানত আইএছআইৰ সদস্যৰ সৈতে ভাৰতত ধ্বংসযজ্ঞ চলোৱাৰ সন্দৰ্ভত ফোন যোগে আলোচনা কৰি আহিছিল সিঙে। পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্য়ে যশকৰণৰ মোবাইল ফোনটো জব্দ কৰিছে। 

পঞ্জাৱ আৰক্ষীৰ মতে, পাকিস্তানলৈ ৰপ্তানি কৰা হৈছে চীনত নিৰ্মাণ কৰা ড্ৰোন। এই ড্ৰোনবোৰৰ জৰিয়তেই ৪-৫ কেজি ওজনৰ বিস্ফোৰক সামগ্ৰী ভাৰতত পঠিওৱা হৈছে। 

যোৱা ২৪ ঘন্টাত আৰক্ষীয়ে ড্ৰোনৰ জৰিয়তে ভাৰতলৈ অনা বিস্ফোৰক সামগ্ৰী আৰু তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। 

ইফালে, এআইজি কাউন্টাৰ ইন্টেলিজেঞ্চ অমৃতসৰ অমৰজিত সিং বাজৱাই কয় যে- যশকৰণক সোধ-পোছ কৰাত মানি লৈছে যে আশ্বিফ নামৰ এজন পাকিস্তানী অপৰাধীৰ সৈতে তেওঁ যোগাযোগ কৰি আহিছিল আৰু ড্ৰোণৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ নিচাজাতীয় আৰু বিস্ফোৰক সামগ্ৰী পঠিওৱাত ৰতনবীৰ নামৰ এজন ব্যক্তিয়ে সহায় কৰি আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply