নিউজ ডেস্কঃ প্ৰেমে কোনো বাধা নামানে। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰায় প্ৰতিগৰাকী যুৱক-যুৱতীয়ে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখে।
কিন্তু এবাৰ ভাবকচোন সেই যুৱকজনৰ কেনেকুৱা পৰিস্থিতি হ’ব যদি প্ৰেমিকাৰ সৈতে বিবাহৰ দিন ধাৰ্য হৈ থকাৰ পাছত হঠাতে এদিন প্ৰেমিকাক হেৰুৱাই দিবলগীয়া হয়?
এনে এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে বিতোপন তামুলী এজন যুৱকৰ সৈতে। বিতোপনে প্ৰেমিকাৰ মৃতদেহৰ শিৰত দিলে সেন্দুৰ, সহধৰ্মিণী কৰিহে বিদায় দিলে প্ৰেমিকাক।
এই ঘটনা সংঘটিত হৈছে ৰহাৰ চাপৰমুখত। ২০২৩চনত বিবাহৰ দিন ধাৰ্য হৈ আছিল বিতোপন আৰু তেওঁৰ প্ৰেমিকাৰ। কিন্তু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল প্ৰেমিকা। আৰু অৱশেষত মৃত্যুৰ আগত হাৰ মানি গুচি গ’ল বিতোপনক অকলশৰীয়া কৰি।
বিতোপন তামুলীয়ে মৃত প্ৰেমিকাক কইনাৰ সাজত সজাই শিৰত সেন্দুৰ দিছে। প্ৰেমিকাৰ অন্তিমটো ইচ্ছা পূৰণ কৰিছে বিতোপনে।
বিতোপনে কালি ফেচবুকত আৱেগিক হৈ এটা পোষ্ট কৰিছিল। য’ত তেওঁ লিখিছিল- ‘‘এনেকৈ এৰি যাব নালাগিছিল মোক।।।পাৰা যদি মোকো লৈ যোৱা।।।তাতেই আমি আমাৰ সংসাৰ পাতিম আৰু আমাৰ পৰিকল্পনাৰ যুগ্ম সন্তান ৰ লগত সুখেৰে থাকিম।।।।Love You Kalija…মোক চিৰ জীৱনৰ বাবে কন্দুৱাই তুমি চিৰ শান্তিত থাকা।।।।’’