নিউজ ডেস্কঃ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজা পটেৰিয়াৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত জ্যেষ্ঠ নেতাগৰাকীয়ে নিৰ্বাচন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভ্যত মন্তব্য কৰা পৰিলক্ষিত হৈছে।
কংগ্ৰেছৰ নেতাগৰাকীয়ে কয় যে- ‘নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰি পেলাব প্ৰধানমন্ত্ৰী মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ধৰ্ম, জাতি, ভাষাৰ আধাৰত সকলোৰে মাজত বিভাজন আনিব। দলিত, আদিবাসীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে। যদি সংবিধানৰ ৰক্ষা কৰিব বিচাৰিছে, তেন্তে প্ৰধানমন্ত্ৰী মোডীক হত্যা কৰিবলৈ সাজু থাকক।’
অৱশ্যে ভিডিঅ’টোত পাছলৈ জ্যেষ্ঠ নেতাগৰাকীয়ে হত্যা শব্দটোৰ অৰ্থ পৰাজয় বুলি বুজায়। ইফালে, ৰাজা পটেৰিয়াৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্তি কৰি কংগ্ৰেছ নেতাগৰাকীক গৰিহণা জনাই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।
মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে- ‘ভাৰত জোড়ো যাত্ৰা কৰা সকলৰ মনোভাব এতিয়া সকলোৰে সমূখত ওলাইছে। প্ৰধানমন্ত্ৰী মোডীৰ স্থান জনতাৰ হৃদয়ত আছে। তেওঁৰ বিৰুদ্ধে জয়ী হ’ব নোৱাৰে বাবেই কংগ্ৰেছৰ নেতাসকলে মোডীক হত্যা কৰাৰ মন্তব্য কৰে।’