নিউজ ডেস্কঃ হোৱাটছএপত উপলব্ধ নতুন ফিচাৰ। যাৰ দ্বাৰা ডিলিট কৰা মেছেজো পঢ়িব পাৰিব ব্যৱহাৰকাৰীয়ে। সম্প্রতি এই সুযোগ দিছে এই ইনষ্টেন্ট মেছেজিং প্লেটফর্মে ।
কেনেদৰে পুৰণি ডিলিটেড মেছেজ পঢ়িব পাৰিব ?
দেশৰ বর্তমান পৰিসংখ্যা অনুযায়ী, ইনষ্টেন্ট মেছেজিং প্লেটফর্মৰ ভিত্তিত ভাৰতত সকলোকে পিছ পেলাইছে হোৱাটছএপে । সেই ক্ষেত্রত দেশৰ সৰহ সংখ্যক লোকেই বার্তা প্ৰেৰণ কৰিবৰ বাবে এই এপটো ব্যাৱহাৰ কৰে। বহু সময়ত এই ডিলিট কৰা মেছেজবোৰে আমাৰ কৌতূহল বৃদ্ধি কৰে।
পুৰণি মেছেজ নাপাই হতাশ হয় ইউজাৰসকল । অৱশ্যে এতিয়াৰ পৰা ইয়াক লৈ চিন্তা কৰিব নালাগে আপুনি । এতিয়া ডিলিটেড মেছেজো পঢ়িব পাৰিব আপুনি । ইয়াৰ বাবে আছে কিছু সহজ কৌশল।
এণ্ড্ৰ’য়ড স্মার্টফোন ব্যৱহাৰকাৰী সকলৰ বাবে টিপছ–
- এণ্ড্ৰয়েড স্মার্টফোন ব্যৱহাৰকাৰীসকলে হোৱাটছএপৰ পৰা মছি পেলোৱা বার্তাবোৰ পঢ়িবৰ বাবে প্রথমে গুগল প্লে’ ষ্টোৰত যাওক ।
- তাৰ পৰা ‘Notisave’ এপটো ডাউনলোড আৰু ইনষ্টল কৰক ।
- এইবাৰ এপটো ইনষ্টল হোৱাৰ পাছত খোলক ।
- ইয়াত দিয়া বিজ্ঞপ্তিবোৰক অনুমতি দিয়ক ।
- ইয়াৰ সহায়ত যেতিয়াই কোনো ব্যৱহাৰকাৰীয়ে আপোনাক বার্তা প্ৰেৰণ কৰিবৰ বাবে কোনো বার্তা মছি পেলাব, সেই মেছেজ স্বয়ংক্রিয়ভাৱে এই এপত থাকি যাব ।
- ইয়াৰ পাছত আপুনি সহজেই হোৱাটছএপৰ পৰা মছি পেলোৱা বার্তা পঢ়িব পাৰিব ।
আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে কৌশল:
এণ্ড্ৰয়েড আৰু এপল উভয় প্লেটফর্মৰ মাজত এটা বৃহৎ পার্থক্য আছে । এপল এনে কোনো এপত এক্সেছ নিদিয়ে, য’ৰ পৰা আপুনি হোৱাটছএপত ডিলিট কৰা মেছেজ পঢ়িব পাৰিব । যদিও এই কাম কৰাৰ এটা কৌশল আছে । যাৰ সহায়ত আপুনি আপোনাৰ এপল মোবাইলচ ডিলিট কৰা মেছেজো পঢ়িব পাৰিব । ইয়াৰ বাবে প্রথমে আপোনাৰ মোবাইলত ইনষ্টল কৰা হোৱাটছএপ আপোনাৰ মোবাইলৰ পৰা মছি পেলাব লাগিব ।
এতিয়া আপোনাৰ মোবাইলত পুনৰ হোৱাটছএপ ইনষ্টল কৰক আৰু খোলক। তাৰপাছত চেট পুনৰুদ্ধাৰৰ বিকল্পটো দেখিবলৈ পাব । সেইটো ছিলেক্ট কৰক । ইয়াৰ পাছত আপোনাৰ হোৱাটছএপৰ সম্পূৰ্ণ চেট পুনৰুদ্ধাৰ কৰিব পাৰিব । তাৰপাছত আপুনি প্রেৰকে মছি পেলোৱা বার্তা চাব পাৰিব । এই কৌশলটোৰ সহায়ত আইফোন ব্যৱহাৰকাৰী সকলে তেওঁলোকৰ হোৱাটছএপত মছি পেলোৱা বার্তাবোৰো পঢ়িব পাৰিব।