গুৱাহাটী সঁচাকৈ স্মাৰ্ট চিটী হৈছেগৈ নে? ২০১৬চনৰ পৰা এতিয়াও স্মাৰ্ট চিটীৰ নামত কোটি কোটি টকাৰ কাম-কাজ চলিয়েই আছে। কিন্তু এই কোটি কোটি টকীয়া স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়নৰ নামতো চলিছে বৃহৎ অনিয়ম। এই সকলো বিষয় সামৰি ইষ্টম’জ’ অসমৰ এই বিশেষ প্ৰতিবেদন।
গুৱাহাটী স্মাৰ্ট চিটী প্রকল্প ৰূপায়ণৰ নামত সংঘটিত হৈছে বৃহৎ কেংলেকাৰী আৰু অনিয়ম । গুৱাহাটী স্মাৰ্ট চিটী প্রকল্প ৰূপায়ণৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰৰ শাসনত কোটি কোটি টকাৰ অনিয়ম আৰু কেংলেকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ‘আম আদমি পাৰ্টী’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই ।
বৃহস্পতিবাৰে গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই সন্দৰ্ভত অধিক তথ্য সদৰি কৰি কয় যে ২০১৬ চনৰ পৰা ২০২২ চনৰ জুলাই মাহলৈ গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নামত মুঠ ৩৬৪.২১ কোটি টকা ব্যয় কৰা হৈছে ।
ইয়াৰে কেন্দ্ৰৰ অংশ ১৯৬ কোটি আৰু ৰাজ্য চৰকাৰৰ অংশ হ’ল ১৬৮.২১ কোটি টকা ।কিন্তু আশ্চৰ্যৰ বিষয় এই যে স্মাৰ্ট চিটীৰ নামত যি পুঁজি ব্যয় কৰা হৈছে তাৰ সুফল ৰাইজে পোৱা নাই আৰু যিবোৰ শিতানত এই পুঁজি ব্যৱহাৰ কৰা হৈছে তাত ব্যাপক অনিয়ম সংঘটিত হৈছে ।
তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত লাভ কৰা তথ্য অনুসৰি স্মাৰ্ট চিটী প্ৰকল্পৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্রজেক্টৰ শিতানত এতিয়ালৈকে ৩৩ কোটি টকা ব্যয় কৰা দেখুওৱা হৈছে । কিন্তু কার্যক্ষেত্ৰত এই টকা ক’ত, কিদৰে ব্যয় হৈছে তাৰ কোনো চিন-মোকাম নাই ।
তদুপৰি স্মাৰ্ট চিটীৰ ২০০ কোটি টকা ইলেকট্রিক বাছ ক্ৰয় কৰাৰ নামত দেখুওৱা হৈছে । গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰ যি ছুপাৰ ছাকাৰ মেচিন ক্ৰয় কৰিছে সেই টকা আকৌ স্মাৰ্ট চিটী প্ৰকল্পৰ হে ধন ।
এই খিনিতে উল্লেখ কৰাটো দৰকাৰ যে গুৱাহাটী পৌৰ নিগমে ২৫.৭৪ কোটি টকাৰে গুৱাহাটীৰ নলা চাফা কৰিবলৈ ছুপাৰ ছাকাৰ ক্ৰয় কৰাৰ পিছতো এই মেচিন চলাবলৈ যোৱা ৬ মাহত ইয়াত নিয়োজিত শ্ৰমিকৰ দৈনিক মজুৰিৰ বাবদ গুৱাহাটী পৌৰ নিগমে ৪২ লাখ ২২ হাজাৰ টকা ব্যয় কৰিছে । অর্থাৎ ২৫.৭৪ কোটি টকাৰে ক্ৰয় কৰা মেচিনেৰে নলা চাফা কৰাৰ বাবদ শ্রমিকক দিব লগা হৈছে এই ধন ।চৰকাৰী পুঁজিৰ অপচয়ৰ আৰু ইয়াতকৈ ডাঙৰ উদাহৰণ ক’তো পোৱা নাযাব বুলি তেওঁ মন্তব্য কৰে ।
জিতুল ডেকাই কয় যে গুৱাহাটীৰ বিভিন্ন উপ-পথত স্মাৰ্ট চিটী প্ৰকল্পৰ অধীনত প্ৰজেক্ট জ্যোতি আঁচনিত দহ হাজাৰ ষ্ট্ৰীট লাইট লগোৱাৰ নামত ইতিমধ্যে খৰছ কৰিছে ১৩.৯২ কোটি টকা । ইপিনে গুৱাহাটী পৌৰ নিগমেও উপ-পথত ষ্ট্ৰীট লাইট লগোৱাৰ নামত খৰছ কৰিছে কেইবা কোটি টকা । গতিকে গুৱাহাটীত ষ্ট্ৰীট লাইট জ্বলোৱা কেইবাটাও বিভাগ আছে ।
আনহাতে স্মার্ট চিটী প্ৰকল্পৰ স্পাইন ৰোড প্রজেক্ট নামৰ আন এটা শিতানত ষ্ট্ৰীট লাইট লগোৱাৰ নামত এতিয়ালৈ মোকোলাই দিছে ২.৩৪ কোটি টকা । ঠিক এনেদৰে জজ খেলপথাৰ উন্নয়নৰ নামত ২.৬০ কোটি টকা ব্যয় কৰা হৈছে ।এখন মুকলি খেলপথাৰৰ উন্নয়নৰ নামত ২.৬০ কোটি কেনেদৰে ব্যয় হ’ব পাৰে সেয়া আশ্চর্যৰ বিষয় । গুৱাহাটী পৌৰ নিগমক আকৌ ৩৭ লাখ স্মাৰ্ট চিটী পুঁজিৰ পৰা আদায় দিয়া দেখুওৱা হৈছে কিন্তু এই পুঁজি খৰছৰ কোনো শিতান নাই ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাবে স্মাৰ্ট চিটী প্রকল্পই ২০ লাখ আৰু কলাক্ষেত্ৰত ওখ লাইট লগোৱাৰ বাবে ৭৩ লাখ টকা ব্যয় কৰা হৈছে । যি সময়ত কলাক্ষেত্ৰৰ বাবে ৰাজ্য চৰকাৰৰ সুকীয়া পুঁজি আছে সেই সময়ত কলাক্ষেত্ৰৰ নামত আকৌ স্মাৰ্ট চিটীৰ পুঁজি ব্যয় কৰাৰ কাৰণ কি বুলি তেওঁ চৰকাৰক প্ৰশ্ন কৰে ।তেওঁ তথ্য জনাৰ অধিকাৰ আইনৰ ভিত্তিত কয় যে গুৱাহাটীত ৩০ টা স্মার্ট বায়’ টইলেটৰ নামত ৮.৩১ কোটি আৰু ২০ টা Any Time Water মেচিন স্থাপনৰ নামত ২.৫৫ কোটি টকা খৰছ কৰা হৈছে ।
‘আপ’ অসমে এই সন্দৰ্ভত ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি দেখিছে যে বেছিভাগ ঠাইতে এই দুটা আঁচনিৰ অস্তিত্ব নাই অথবা বিকল । অতি আশ্চর্যৰ বিষয় যে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে দেৱাল অংকনৰ নামতো খৰছ কৰিছে ৯২ লাখ টকা ।স্মাৰ্ট চিটীৰ আই চি চি চি প্রজেক্টৰ নামত ১৬ লাখ টকা ব্যয় কৰা দেখুওৱা হৈছে কিন্তু এই বিল্ডিঙটো ক’ত আছে বা কেনে ধৰণে ১৬ লাখ টকা ব্যয় কৰা হ’ল তাৰ কোনো সঠিক উত্তৰ নাই ।
একেদৰে গান্ধী মণ্ডপৰ উন্নয়নৰ নামত ৩.৪১ কোটি টকা, গান্ধী মণ্ডপত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ব্যৱস্থাপনাৰ নামত ২.৫৪ কোটি টকা ব্যয় কৰাৰ লগতে শেহতীয়াকৈ গুৱাহাটীত দেখা Integrated Traffic Management Systemৰ নামত খৰছ কৰা হৈছে ৪.৫৪ কোটি টকা ।
স্মাৰ্ট চিটীৰ নামত এনেদৰে ব্যয় হোৱা ৩৬৪ কোটি টকাৰ আঁৰত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে বুলি অভিযোগ কৰি ‘আপ’ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই স্মার্ট চিটীৰ পুঁজি ব্যয়ৰ পুংখানুপুংখ হিচাপ আৰু প্ৰতিটো শিতানৰ কামৰ বৰ্তমানৰ অৱস্থাৰ তদন্ত চি বি আইৰ দ্বাৰা কৰিবলৈ দাবী জনায় ।