নিউজ ডেস্কঃ গণৰাজ্য দিৱস। মঙলবাৰে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত কৰিবলগীয়া গণতন্ত্ৰ দিৱসৰ উপলক্ষে কঠোৰ মানৱ সুৰক্ষা বাহিনী আৰু স্নিফাৰ কুকুৰৰ নিয়োজিত কৰাৰ লগতে ৮০ টাতকৈও অধিক চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে।
উপায়ুক্ত পল্লৱ গোপাল ঝাই আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সৈতে উদযাপনৰ সকলো প্ৰস্তুতি পৰীক্ষা কৰে। কামৰূপ (মেট্ৰ’)ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই সংবাদ মাধ্যমৰ আগত জনাই যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা ৯ বজাৰ লগে লগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব আৰু গণতন্ত্ৰ দিৱসৰ আয়োজনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয় যে, অনুষ্ঠানস্থলীৰ আশে-পাশে যথেষ্ট সংখ্যক আৰক্ষী বাহিনী আৱণ্টন কৰা হৈছে। সেই নিৰ্দিষ্ট এলেকাটোত বাহনৰ চলাচল সন্দৰ্ভতো এখন জাননী জাৰি কৰা হ’ব বুলিও তেওঁ কয়।
আৰক্ষী আয়ুক্তজনে সকলো লোকক দিনটো শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ জানিবলৈ দিয়ে যে, এক সুৰক্ষিত গণৰাজ্য দিৱসৰ আশ্বাস দিবলৈ চহৰখনত বিশেষকৈ নিশা আৰু সন্ধিয়াৰ সময়ত আৰক্ষীৰ নিয়োগ কৰা হৈছে ।
উল্লেখযোগ্য যে, গণতন্ত্ৰ দিৱসৰ দিনা আৰক্ষী বিভিন্ন গোটৰ সৈতে সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী উভয়ে অনুষ্ঠানটোত উপস্থিত থাকিব আ্ৰৰু লগতে গণতন্ত্ৰ দিৱসৰ দিনা উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা দলে পেৰেড কৰিব বুলি জানিব পৰা গৈছে ।
এইবাৰৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণতন্ত্ৰ দিৱসত ৰাজ্যখনৰ গৌৰৱ ৰং ঘৰ আৰু শিৱ দৌল অন্তৰ্ভুক্ত থকাৰ লগতে অসম ট্যাবলৌত নাওখনত বীৰ লাচিত বৰফুকন আৰু মা কামাখ্যা মন্দিৰৰ প্ৰদৰ্শন কৰা হ’ব বুলি জানিব পৰা গৈছে।