গুৱাহাটীঃ দুৰ্গাপূজা আৰু ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া T-20 খেলৰ পৰিপ্ৰেক্ষিতত শিশু, ছাত্ৰ-ছাত্ৰী, মহিলা, বয়োজ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম পথচাৰীৰ সুৰক্ষাৰ বাবে আৰু জৰুৰীকালীন সেৱা যেনে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আদিৰ সুচল যাতায়াতৰ বাবে গুৱাহাটী মহানগৰীত অহা ২ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ তলত দিয়া নিষেধাজ্ঞাসমূহ আৰোপ কৰা হৈছে–

(ক) যান- বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা:

১) চাৰি চকা আৰু তাতকৈ অধিক চকাৰ বাহন অৰ্থাৎ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন ৰাষ্ট্ৰীয় ঘাইপথ-২৭আৰু ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত ২অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰ পুৱতি নিশা ২ বজালৈ গধুৰ বাহনৰ চলাচল নিষেধাজ্ঞা কৰা হৈছে ।

২) ছয়চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা সীমিত বাহনহে ১ ,৩,৪,৫ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ১১.৩০ বজালৈ চলাচল বন্ধ থাকিব ।

৩) অহা ১, ২, ৩, ৪ আৰু ৫ অক্টোবৰ তাৰিখে তিনি চকাযুক্ত বা চাৰি চকাযুক্ত সামগ্ৰী কঢ়িওৱা লঘু বাণিজ্যিক বাহনসমূহ ৰাতিপুৱা ৪ বজাৰ পৰা পুৱা ৯ বজালৈকেহে গুৱাহাটী মহানগৰীত প্ৰৱেশ বা যাতায়াত কৰাৰ অনুমতি প্ৰদান কৰা হৈছে ।

৪) অহা ২ অক্টোবৰৰ দিনৰ ১২ বজাৰ পৰা ৩ অক্টোবৰ নিশা ১ বজালৈ এ. কে. আজাদ ৰোড অৰ্থাৎ লখৰা ৰোডত ৱান ৱে’ কৰা হ’ব । যান- বাহনসমূহ কেৱল চাইকেল ফেক্টৰিৰ দিশৰ পৰা লখৰা চাৰিআলিৰ দিশলৈ চলাচল কৰিব পাৰিব। লখৰা চাৰিআলিৰ পৰা কাৰ পাছ থকা যান-বাহনসমূহক বাদ দি অন্য যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব l

৫) অহা ২ অক্টোবৰৰ তাৰিখে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ অৰ্থাৎ বৰ্ষাপাৰা ৰোডত কাৰ পাছ থকা যান–বাহনসমূহ চলাচলৰ ক্ষেত্ৰত ৱান ৱে’ কৰা হৈছে l স্থানীয় বাসিন্দাৰ বাহিৰে কাৰ পাছ নথকা বাহনসমূহ এই পথেৰে প্ৰৱেশ কৰিব নোৱাৰিব।

আনহাতে ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ দিশলৈ কোনো যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব I

(খ) ২ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ দৰ্শকৰ প্ৰৱেশৰ বাবে ৬খন গেট নিৰ্ধাৰণ কৰা হৈছে ।

  • ইয়াৰ ভিতৰত গেট নম্বৰ ১B অতিথিৰ বাবে খোলা থাকিব ।
  • ২ নম্বৰ গেটলৈ যাব হলে বৰ্ষাপৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব ।
  • ৩ নম্বৰ গেটলৈ যাব হলে RG বৰুৱা পথেৰে গদৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব ।
  • ৪ নম্বৰ গেটলৈ যাব হলে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব
  • ৫ নম্বৰ আৰু ৬ নম্বৰ গেটলৈ যাব হলে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK দেৱ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব ।
  • ৭ নম্বৰ গেটলৈ যাব হলে বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব ।

দুৰ্গা পূজা উপলক্ষে পথৰ ক্ষেত্ৰত নিষেধাজ্ঞা (No-entry)–

১) ড০ আৰ. পি. ৰোডৰ ক্ষেত্ৰত গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণীয়া সেতু দিশলৈহে মাত্ৰ যান বাহন চলাচল কৰিব পাৰিব।

২) জু-ৰোড দিশৰ পৰা গণেশ মন্দিৰ দিশলৈ কোনো যান বাহন চলাচল কৰিব নোৱাৰিব।

৩) হোলচেল মাৰ্কেট দিশৰ পৰা ছাৰ্ভিচ ৰোড হৈ গণেশগুৰি দিশলৈ কোনো যান–বাহন চলাচল কৰিব নোৱাৰিব।

৪) শংকৰদেৱ ৰোডৰ ক্ষেত্ৰত হোলচেল মাৰ্কেট দিশৰ পৰা আৰ পি ৰোডলৈ (গণেশ মন্দিৰ) যান–বাহন চলাচল কৰিব পাৰিব।

৫) জয়ানগৰ চাৰিআলি দিশৰ পৰা বেলতলা তিনিআলি দিশলৈ কোনোধৰণৰ যান–বাহন চলাচল কৰিব নোৱাৰিব (স্থানীয় বাসিন্দাৰ বাহিৰে)। এইক্ষেত্ৰত বেলতলা তিনিআলি দিশৰ পৰা জয়ানগৰ চাৰিআলি দিশলৈহে যান–বাহনসমূহ চলাচল কৰিব পাৰিব।

৬) বেলতলা তিনিআলি দিশৰ পৰা ভেটাপাৰা চাৰিআলি অভিমুখে বিষ্ণু ৰাভা পথেৰে যান–বাহন চলাচল কৰিব পাৰিব। কিন্তু বিপৰীত দিশৰ পৰা যান–বাহন চলাচল কৰিব নোৱাৰিব I

৭) বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিৰ দিশে ড০ বি. এন. শইকীয়া পথত যান–বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

৮) এ. জি. অফিচ দিশৰ পৰা সৌৰভ নগৰ আৰু ত্ৰিপুৰা গলি অভিমুখে যোৱা এ. জি. অফিচ উপপথেৰে (ৱান ৱে’) যান বাহন চলাচল কৰিব পাৰিব, কিন্তু ত্ৰিপুৰা গলি আৰু সৌৰভ নগৰ দিশৰ পৰা কোনোধৰণৰ যান বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

৯) ত্ৰিপুৰা গলিৰ এটা অংশ যান বাহনৰ পাৰ্কিঙৰ বাবে অনুমতি প্ৰদান কৰা হ’ব।

১০) বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলি দিশলৈ কোনোধৰণৰ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব (স্থানীয় বাসিন্দাৰ বাহনৰ বাহিৰে)।

১১) ফটাশিল চাৰিআলি, ৰেলৱে গেট নং ৬,৭,৮ আৰু সতী জয়মতী ৰোডৰ পৰা কুমাৰ পাৰা পাঁচআলি দিশলৈ কোনোধৰনৰ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

১২) চাবিপুলৰ পৰা বিষ্ণুপুৰ আৰু ফটাশিল চাৰিআলি দিশলৈ কোনো ধৰণৰ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

১৩) আৰ. কে. চৌধুৰী. ৰোডৰ পৰা কে. আৰ. চি. ৰোডলৈ কোনো ধৰণৰ যান বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

১৪) এ. টি. ৰোড (আঠগাঁও উৰণীয়া সেতুৰ পৰা ভৰলুমুখ) আৰু ডি. জি. ৰোড (ভৰলুমুখৰ পৰা শান্তিপুৰ)ৰ ক্ষেত্ৰত কোনোধৰণৰ যান–বাহন পাৰ্কিং কৰিব নোৱাৰিব।

১৫) ফটাশিল চাৰিআলিৰ পৰা চাবিপুল অভিমুখে (ৱান ৱে’)যান–বাহনসমূহ চলাচল কৰিব পাৰিব। ১৬) শ্লুইচ গেটৰ পৰা প্ৰাগজ্যোতিষ মহাবিদ্যালয় অভিমুখে জে. পি. আগৰৱালা. ৰোডেৰে কোনো যান–বাহন চলাচল কৰিব নোৱাৰিব।

১৭) বিষ্ণুপুৰ ব্ৰিজৰ পৰা চাইকেল ফেক্টৰি দিশলৈ কোনোধৰণৰ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব। ১৮) হাৰিয়ানা ভৱনৰ পৰা কুমাৰপাৰা পাঁচআলি অভিমুখে যান–বাহন চলাচল কৰিব নোৱাৰিব।

১৯) মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনোধৰণৰ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব। আদাবাৰি তিনিআলি দিশৰ পৰা পাণ্ডু প’ৰ্ট ৰোড হৈ মালিগাও চাৰিআলি অভিমুখে যান–বাহনসমূহ চলাচল কৰিব পাৰিব।

২০) গৌশালা দিশৰ পৰা অহা যান–বাহনসমূহ পি এন জি বি ৰোড ৰে’লৱে ক্রশ্চিং পাৰ হ’ব নোৱাৰিব আৰু এই যান–বাহনসমূহ মালিগাঁও ৩নং গেটৰ দিশে গতি কৰিব।

২১) কামাখ্যা ৰে’লৱে জংচন আৰু গোটানগৰ দিশৰ পৰা অহা যান–বাহনসমূহ ৰে’লৱে গেট নং ৩ আৰু ৰে’লৱে হেড কোৱাৰ্টাৰ দিশে চলাচল কৰিব পাৰিব।

২২) কামাখ্যা টেম্পল ঘাট ৰোডৰ ক্ষেত্ৰত পাণ্ডু কেবিন আৰু কামাখ্যা মন্দিৰ দিশৰ পৰা (এ. এচ. টি. চি. স্তপেজৰ ওচৰত) যান–বাহন প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

২৩) এম. এছ. ৰোডৰ ক্ষেত্ৰত শনি মন্দিৰ দিশৰ পৰা ৪ নং গেটলৈ যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব তাৰ বিপৰীতে ৰেলৱে ৪ নং গেটৰ পৰা শনি মন্দিৰ দিশলৈ যান–বাহন সমূহ চলাচল কৰিব পাৰিব। ২৪) এম. জি. ৰোডৰ পৰা খুৱসন্দ পইণ্টলৈ ড. জে. চি. দাস. (ফুল গলি) ৰোডৰে কোনো যান–বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

২৫) কমিছনাৰ পইন্টৰ পৰা জি. এন. বি. ৰোডৰ দিশলৈ আহিবলগীয়া যান–বাহনসমূহ হোষ্টেল ৰোড হৈ জি. এন. বি. ৰোডলৈ যাব I

২৬) অনুৰাধা পইন্ট ৰ পৰা হাতীগড় চাৰিআলিৰ দিশলৈ কোনোধৰণৰ যান–বাহন চলাচল কৰিব নোৱাৰিব। হাতীগড় চাৰিআলিৰ দিশৰ পৰাহে যান–বাহনসমূহ চলাচল কৰিব পাৰিব।

২৭) বন্দনা পইন্ট ৰ পৰা SBI গলি হৈ ৰিফাইনেৰী দিশলৈ কোনো যান বাহন চলাচল কৰিব নোৱাৰিব।

চিটীবাছৰ চলাচলৰ ক্ষেত্ৰত নিষেধজ্ঞা:

১) বশিষ্ঠ মন্দিৰৰ পৰা গড়পাণ্ডু বাছ ষ্টেণ্ডলৈ (যিবোৰ বাছ গণেশগুৰি, জু ৰোড, চান্দমাৰি, ৰবীন্দ্ৰ ভৱন, কছাৰী, মালিগাঁও হৈ অহা–যোৱা কৰে) সেই বাহনসমূহ এতিয়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানাগৰ, ছয়মাইল, এক্সপ্ৰেছ হাইৱে, নাৰেঙ্গী, এম টি ৰোড (জু নাৰেঙ্গী) হৈ নিজৰ গন্ত্যব্য স্থানলৈ যাব পাৰিব।

২) বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ (যি বোৰ বাছ বশিষ্ঠ চাৰিআলি, বেলতলা তিনিআলি, চাৰ্ভে, ছুপাৰমাৰ্কেট, গণেশগুৰি উৰণীয়া সেতু, পল্টনবাজাৰ, এ টি ৰোড, ভৰলুমুখ, মালিগাঁও হৈ চলাচল কৰে) এতিয়া বশিষ্ঠ চাৰিআলি, ত্ৰিপুৰা গলি, জয়ানগৰ, ছয়মাইল, জি এছ ৰোড হৈ নিজৰ লক্ষ্যৰ স্থানত উপনীত হ’ব পাৰিব।

৩) গড়পাণ্ডু বাছ ষ্টেণ্ডৰ পৰা লালগণেশলৈ যাবলগীয়া বাছসমূহ (যিবোৰ বাছ সাধাৰণতে মালিগাঁও, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাব, চান্দমাৰী উৰণীয়া সেতু, জু ৰোড, গণেশগুৰি, গণেশ মন্দিৰ, কাহিলিপাৰা হৈ লালগণেশ যায়) এতিয়া মালিগাঁও, কাছাৰী, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী ক্লাব, চান্দমাৰী উৰণীয়া সেতু, নুনমাটি, পাথৰ কুঁৱৰী, এক্সপ্ৰেছ হাইৱে, ছয়মাইল, জি এছ ৰোড, ছুপাৰ মাৰ্কেট, লাষ্টগেট, গণেশ মন্দিৰ হৈ গন্তব্য স্থানত উপনীত হ’ব পৰিব।

৪) নটবমাৰ পৰা আমিনগাঁও অভিমুখী বাহনসমূহ অৰ্থাৎ যিবোৰ বাহন আৰ. পি. ৰোড হৈ গণেশগুৰি, চান্দমাৰী, কাছাৰী, আমিনগাঁওলৈ যায়, এই বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথ নং ২৭ হৈ ত্ৰিপুৰা গলি, এক্সপ্ৰেছ হাইৱে, নাৰেঙ্গী, ননুমাটি, চান্দমাৰী হৈ আমিনগাঁৱৰ দিশলৈ যাব পাৰিব l

৫) পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰ অভিমুখী চিটীবাছসমূহ, অৰ্থাৎ ছয়মাইল, ছুপাৰ মাৰ্কেট , লাষ্ট গেট, গণেশ মন্দিৰ, জুৰোড, চান্দমাৰী, এম. জি. ৰোডেৰে যাতায়াত কৰা বাছসমূহ ধাৰাপুৰৰ পৰা মালিগাঁও, চান্দমাৰী, জুৰোড, গণেশগুৰি উৰণীয়া সেতুৰ ওপৰেদি গৈ ছয়মাইল উৰণীয়া সেতু হৈ পাঞ্জাবাৰীৰ দিশত যাব পাৰিব I

ঙ) লঘু যাত্ৰীবাহী বাহন

লঘু যাত্ৰীবাহী বাহন যেনে টাটা মেজিক, শ্বেয়াৰ টেক্সি আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা: ১) নামনি অসমৰ পৰা অহা যাত্ৰীবাহী বাহনসমূহ (সদৌ অসম টুৰিষ্ট পাৰ্মিত থকা বাহন) আদাবাৰী বাছ ষ্টেণ্ডলৈহে আহিব পাৰিব । তেনেকৈ উজনি অসমৰ পৰা অহা বাহনসমূহ ISBT লৈকে আহিব পাৰিব ২) এ. এছ. টি. চিৰ. অধীনস্থ যিসমূহ বাছ নামনি অসমৰ পৰা মাছখোৱা দিশলৈ যাতায়াত কৰে, এই বাছসমূহ জালুকবাৰী পৰা ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব। তাৰ বিপৰীতে জালুকবাৰী পৰা ISBT দিশলৈ এই গাড়ীসমূহ যাবগৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply