ইষ্টম’জ’ অসমৰ Review Blast শিতানৰ আজিৰ খণ্ডটিত আমি Review কৰিম নতুন অসমীয়া ছবি বুলু ফিল্মৰ। এই ছবিখনৰ ৰিভিও কৰাৰ পূৰ্বে আমি জনাই দিওঁ যে প্ৰায় প্ৰতিটো চিনেমা হলৰ ছীটেই ভৰি পৰিছে দৰ্শকৰে। আৰু এয়া অসমীয়া ছবি জগতখনৰ বাবে এক শুভ লক্ষণ। 

বুলু ফিল্ম। ছবিখনৰ নামটো যেনেকৈ Unique, ঠিক একেদৰে ছবিখনৰ কাহিনীও ব্যতিক্ৰম। ছবিখনৰ কাহিনী তিনিজন বন্ধু ক্ৰমে অলোক, প্ৰশন্ন আৰু পি কেৰ বন্ধুত্ব আৰু ল’কডাউনৰ সময়চোৱাত ধন উপাৰ্জনৰ বাবে তেওঁলোকে মিলি কি কি পথ উলিয়ায় তাকে লৈ প্ৰস্তুত কৰা হৈছে। 

এটা কথা স্পষ্টকৈ ক’ব পাৰি যে ছবিখনৰ ট্ৰেইলাৰটো দৰ্শকে যিমানখিনি ভাল পাইছে, তাতকৈ বহু বেছি ভাল পাব সম্পূৰ্ণ ছবিখন চায়। আৰু তাৰ মাজতো আমাৰ সকলো দৰ্শককে অনুৰোধ জনাওঁ যে অসমীয়া ছবিজগতখনক জীয়াই ৰখাৰ বাবে আপুনি এইখন ছবি আপোনালোকৰ কাষৰে ছবিগৃহলৈ গৈ এবাৰ হ’লেও চাওক। 

কোৰোনা মহামাৰীৰ সময়ত সমগ্ৰ দেশতে ল’কডাউন ঘোষণা কৰাৰ পাছত এখন নচলা ভান লৈ অলোকৰ, আধামৰা এখন দোকান লৈ প্ৰশন্ন আৰু গোৱাৰ পৰা কাম এৰি ঘৰলৈ ঘূৰি অহা পি কেৰ পানীত হাঁহ নচৰা অৱস্থা দেখুওৱা হৈছে বুলু ফিল্ম ছবিখনত। 

ছবিখনৰ প্ৰযোজক  হিমাংশু প্ৰসাদ দাস আৰু বন্দনা দত্ত মজুমদাৰ। ছবিখনত জনপ্ৰিয় নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক হিমাংশু প্ৰসাদ দাসৰ লগতে সমগ্ৰ বুলু ফিল্মৰ টীমে কিমান কষ্ট কৰিছে সেই কথা ছবিখনত প্ৰতিটো চৰিত্ৰৰ কলা-কুশলীসকলে কৰা অভিনয়, স্ক্ৰীণপ্লে’, ডায়েল’গ, পৰিচালনা আদিৰ জৰিয়তেই বুজিব পাৰি। 

ছবিখনত অভিনয় কৰিছে ক্ৰমে- হিমাংশু প্ৰসাদ দাস, প্ৰণামী বৰা, শংকু নিৰঞ্জন নাথ, অপূৰ্ব বৰ্মন, ৰূপম জ্যোতি দাস, অনামিকা শৰণীয়া, অনুৰূপা ডি ৰাজাই। 

বুলু ফিল্মৰ সমগ্ৰ শ্বুটিং দক্ষিণ কামৰূপত বিশেষকৈ বৰিহাটত কৰা হৈছে। যোৱা কেইখনমান অসমীয়া ছবি আৰু ৱেব ছিৰিজে বুজাই দিছে যে- ভাল অভিনয়, স্ক্ৰিপ্ট আৰু প্ৰমচন কৰিলে অসমীয়া ছবি চাবলৈও চিনেমা হলত ভিৰ কৰিব অসমৰ দৰ্শকে। 

ইয়াৰ পূৰ্বে লোকেল উৎপাত ছবিখনো হিট হৈছিল। আৰু তাৰপাছত বুলু ফিল্মে Jollywood সেই পুৰণি ভালপোৱা আৰু বিশ্বাস ঘূৰাই আনিব বুলি আমি আশাবাদী। 

ছবিখনৰ কাহিনীলৈ যদি আমি ঘূৰি আহো তেন্তে ক’ব লাগিব যে ল’কডাউনৰ সময়ত কিমান যে মানুহে ধন উপাৰ্জনৰ পথ হেৰুৱাইছিল আৰু তেওঁলোকৰ দুখ কষ্টবোৰ ছবিখনত সম্পূৰ্ণকৈ ফুটি উঠিছে। ছবিখনে intervalৰ আগৰ ভাগলৈ আপোনালোকক মন খুলি হাঁহিবলৈ বাধ্য কৰাব। কিন্তু Interval ৰ পাছতেই চিনেমা হলৰ সম্পূৰ্ণ পৰিস্থিতি সলনি হৈ পৰে। 

ছবিখনৰ প্ৰথম ভাগত কমেডীৰ লগতে কিছু ইমশ্যনেল Scene আছে যদিও, দ্বিতীয় ভাগত ছবিখনে আপোলোকক চিন্তা কৰিবলৈ বাধ্য কৰাব যে আমি মানুহবোৰ ধন উপাৰ্জনৰ বাবে কিমান তললৈ নামিব পাৰো। 

লগতে আমাৰ সমাজৰ একাংশই বেলেগক ইতিকিং কৰে বা হাঁহে, কিন্তু তেওঁলোকো যে ইয়াৰ বাবে জগৰীয়া সেই কথা বুজিও নুবুজা ভাও ধৰি ভদ্ৰলোকৰ মুখা পিন্ধি জীৱন জীয়াই যে থাকে সেই কথা অতি সুন্দৰকৈ দেখুৱাইছে ছবিখনত। 

৯ ছেপ্তেম্বৰত মুক্তি লাভ কৰা বুলু ফিল্মক ইতিমধ্যে দৰ্শকে আকোৱালি লোৱা পৰিলক্ষিত হৈছে। আৰু এই ছবিখন এবাৰলৈ হ’লেও চাবলৈ আমি ৰেকমেণ্ড কৰিম। ছবিখনৰ কোনো Spoiler নোহোৱাকৈ আপোনালোকক ছবিখনৰ Review দিবলৈ আমি চেষ্টা কৰিলো।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply