নিউজ ডেস্কঃ ক্ৰমান্বয়ে এতিয়া সুস্থ হৈ উঠিছে ক্ৰিকেটাৰ ঋষভ পন্ট। দুটা সফল অস্ত্ৰোপচাৰৰ পিছত সোমবাৰে এই কথা নিজেই টুইট যোগে দেশবাসীক জনায় খেলুৱৈগৰাকীয়ে। 

পন্টে টুইটাৰত উল্লেখ কৰিছে যে, অন্তৰৰ পৰা অনুৰাগী, সতীৰ্থ, চিকিৎসক আৰু ফিজিঅ’ সকলোকে ধন্যবাদ জনোৱাৰ লগতে বিচিচিআিই, জয় শাহ আৰু চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।

দুৰ্ঘটনাৰ সময়ত পন্টক সহায় কৰা ৰজত কুমাৰ আৰু নিশু কুমাৰক হিৰ’ বুলি অভিব্যক্ত কৰি তেওঁলোকৰ ওচৰত সদায় ঋণী হৈ থাকিব বুলি কয়। 

উল্লেখ্যযোগ্য যে, যোৱা ৩০ ডিচেম্বৰ তাৰিখে নতুন বছৰত মাতৃক ছাৰপ্ৰাইজ দিব বাবে দিল্লীৰ পৰা ডেৰাডুনলৈ নিজেই গাড়ী চলাই গৈ থাকোঁতে মাজবাটতে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ক্ৰিকেটাৰ ঋষভ পন্টে। কথমপিহে ক্ৰিকেটাৰ গৰাকী জীৱন ৰক্ষা পৰে। 

জানিব পৰা অনুসৰি, পন্ট যদিও সুস্থ হৈছে তথাপিও চিকিৎসক সকলে জনাই যে, খেলপখাৰত নামিবলৈ এতিয়াও ৯-১০ মাহৰ সময় লাগিব। অৰ্থাৎ ক্ৰিকেটাৰ গৰাকী ২০২৩ আইপিএল মিছ কৰাৰ লগতে ২০২৩ ৰ এছিয়া কাপ আৰু এদিনীয়া ক্ৰিকেট বিশ্বকাপটো ভাগ ল’ব নোৱাৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply