নিউজ ডেস্কঃ বুধবাৰে ভাৰতীয় ক্ৰিকেট বৰ্ড অৰ্থাৎ বিচিচিআইয়ে কয় যে- ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্টৰ চিকিৎসাৰ দায়িত্ব আমি লৈছো।  চিকিৎসাৰ ফলত তেওঁ অনিশ্চিত কাললৈ ক্ৰিকেট খেলৰ পৰা দূৰত থাকিব লাগিব।

বিচিচিআইৰ অধ্যক্ষ জয় শ্বাহে কয় যে- ‘পন্টক দেহৰাডুনৰ এখন হাস্পতালৰ পৰা মুম্বাইলৈ এয়াৰ এম্বুলেন্সযোগে অনা হৈছে।’ উল্লেখযোগ্য যে, ৩০ ডিচেম্বৰত বাহনখন চলাই থকা সময়তে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভাৰতীয় খেলুৱৈগৰাকী।

ইফালে, ঋষভ পন্টৰ দুৰ্ঘটনাৰ পাছতে তেওঁৰ অনুৰাগী আৰু ক্ৰিকেটপ্ৰেমীসকলে খেলুৱৈগৰাকী শীঘ্ৰেই সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply