ৰাজৰ্ষি চহৰীয়া
বজাৰলৈ যাবলৈ টকা লাগে, শিক্ষাৰ বাবে টকা লাগে, চিকিৎসাৰ বাবে টকা লাগে, মুঠতে সকলো কামৰ বাবেই, টকা লাগে। আন্তৰাষ্ট্ৰীয় পৰ্যায়টো টকাৰ এটা মূল্য থাকে। প্ৰতিখন দেশৰে মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰো এক মূল্য আছে। আৰু আমেৰিকাৰ মুদ্ৰা ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰা টকাৰ মূল্য প্ৰায়ে হ্ৰাস হৈ আহি আছে।
ভাৰতে ছেপ্টেম্বৰত ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছিল। ভাৰতীয় মুদ্ৰা নিধিৰ সমীক্ষাত আমেৰিকা, চীন, জাপান আৰু জাৰ্মানীৰ পাছতে স্থান লাভ কৰিছিল ভাৰতে। কিন্তু ভাৰতীয় টকাৰ মূল্য হ্ৰাস পাইছে ডলাৰৰ তুলনাত।
বৰ্তমান সময়ত ডলাৰৰ তুলনাত সৰ্বনিম্ন অৱস্থাত উপনীত হৈছে ভাৰতীয় টকা। ১০ অক্টোবৰ অৰ্থাৎ কালি আমেৰিকাৰ ডলাৰৰ তুলনাত ৩২ পইচা হ্ৰাস পোৱাত এতিয়া টকাৰ মূল্য হৈছেগৈ ৮২ টকা ৬৪ পইচা।
ইয়াৰ পূৰ্বে ৭ অক্টোবৰত ডলাৰৰ তুলনাত ৪৪ পইচা হ্ৰাস পোৱাত ভাৰতীয় টকাৰ মূল্য হৈছিল ৮২ টকা ৩২ পইচা।
এইখিনিতে আপোনালোকক জনাই দিওঁ যে ৰিজাৰ্ভ বেংক টকাৰ মূল্য হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা কিছুদিনৰ পৰা বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু তাৰ পৰা কোনো ধৰণৰ সুফল লাভ কৰা পৰিলক্ষিত হোৱা নাই। চলিত বৰ্ষৰ এতিয়ালৈকে ডলাৰৰ তুলনাত ১১ শতাংশ অৱনমিত হৈছে টকাৰ মূল্য।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভৰ সূতৰ হাৰ বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ
অৰ্থনীতিবিদ সকলৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফেডাৰেল ৰিজাৰ্ভে টকাৰ ওপৰত সূতৰ হাৰ বৃদ্ধি কৰাৰ নেতিবাচক প্ৰভাৱ পৰা দেখা গৈছে। এই বজাৰৰ পৰা ডলাৰৰ ক্ৰয় বৃদ্ধি পোৱাত, ভাৰতীয় মুদ্ৰা টকা অধিক পিচুৱাইহে গৈ আছে। ইয়াৰ লগতে এছিয়াৰ অন্যান্য় দেশসমূহৰ মুদ্ৰাৰ মূল্য হ্ৰাসৰ ফলত এছিয়াৰ বজাৰত অভাৱনীয় প্ৰভাৱ দেখা গৈছে, যাৰ ফলত ভাৰতীয় মুদ্ৰা টকাৰ পৰিমাণো হ্ৰাস পাইছে।
ভাৰতীয় অৰ্থনীতিৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?
এটা কথা মনত ৰাখিবলগীয়া যে, টকাৰ মূল্য যিমানেই হ্ৰাস পাব সিমানেই দেশত আমদানি ব্যয়বহুল হ’ব। ইয়াৰ ফলত বিদেশৰ পৰা অহা সামগ্ৰী যেনে- খাৰুৱা তেল, ইলেকট্ৰনিকছ আদিও ব্যয়বহুল হৈ পৰিব। লগতে ব্যয়বহুল হ’ব চিকিৎসা, অধ্যয়নৰ খৰচ আদি।
টকাৰ মূল্য নিৰ্ধাৰণ কৰা হয় ডলাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা
তাৎপৰ্যপূৰ্ণভাৱে, ডলাৰৰ তুলনাত টকাৰ মূল্য ডলাৰৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। লগতে, ই প্ৰভাৱ পেলায় দেশৰ আমদানি আৰু ৰপ্তানিৰ ওপৰতো। প্ৰতিখন দেশে ইয়াৰ বৈদেশিক মুদ্ৰা সংৰক্ষণ কৰে। ইয়াৰ জড়িয়তে দেশে আমদানি কৰা সামগ্ৰীৰ বাবে পৰিশোধো কৰে।
প্ৰতি সপ্তাহত ৰিজাৰ্ভ বেংকে ইয়াৰ সৈতে জড়িত বিভিন্ন তথ্য প্ৰকাশ কৰি আহিছে। বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ স্থিতি কি আৰু সেই সময়ছোৱাত দেশত ডলাৰৰ চাহিদা কি, ইয়াৰ দ্বাৰাও টকাৰ মূল্য শক্তিশালী হৈছে নে দুৰ্বল হৈ পৰিছে সেয়া নিৰ্ধাৰণ কৰা হয়।
২০১৪ চনৰ পৰা ডলাৰৰ তুলনাত টকাৰ মূল্য
২০১৪ চনৰ পৰা টকাৰ মূল্য ডলাৰৰ তুলনাত হ্ৰাস পাই গৈয়ে আছে। ২০১৪ চনত ডলাৰৰ তুলনাত টকাৰ মূল্য আছিল ৬২ টকা ৩৩ পইচা।
তাৰপাছত ক্ৰমে –
২০১৫চনত ৬২ টকা ৯৭ পইচা।
২০১৬চনত ৬৬ টকা ৪৬ পইচা।
২০১৭চনত ৬৭ টকা ৭৯ পইচা।
২০১৮চনত ৭০ টকা ৯ পইচা।
২০১৯চনত ৭০ টকা ৩৯ পইচা।
২০২০ চনত ৭৬ টকা ৩৮ পইচা।
২০২১ চনত ৭৪ টকা ৫৭ পইচা।
আৰু ২০২২চনৰ জুলাইত ৭৯ টকা ৮৭ পইচা।
কেৱল ২০২১ চনত টকাৰ মূল্য ডলাৰৰ তুলনাত কিছু বৃদ্ধি পাইছিল, যদিও এতিয়া এই মূল্য হৈছেগৈ ৮২ টকা ৬৪ পইচা।
এনেদৰেই টকাৰ মূল্য হ্ৰাস পাই গৈ থাকিলে ভাৰততো সকলো সেৱা বা সামগ্ৰীৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাব। আৰু হয়তো শ্ৰীলংকাৰ দৰে এটা দিন ভাৰততো আহিব।