নিউজ ডেস্কঃ বিশ্ব চেম্পিয়ন ছানিয়া মিৰ্জাই ৩৬ বছৰ বয়সত নিজৰ টেনিছ কেৰিয়াৰ পৰা অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’বলগীয়া ডুবাই ডিউটী ফ্ৰী টেনিছ চেম্পিয়নশ্বীপতেই টেনিছৰ পৰা অৱসৰ ল’ব বুলি শুকুৰবাৰে ডব্লিউ টি এ টুৰৰ ৱেবছাইটৰ এক সাক্ষাকাৰত তেওঁ এই কথা ঘোষণা কৰে।
ছানিয়াই ২০২২ চনতেই নিজৰ অৱসৰৰ পৰিকল্পনা কৰিছিল। কিন্তু ইউ এছ অপেনৰ আগত হাতত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খেলৰ পৰা বাহিৰ হ’ব লগা হৈছিল বুলি সাক্ষাৎ গ্ৰহণৰ সময়ত জনাই ছানিয়া মিৰ্জাই।
উল্লেখ্য যে, ছানিয়া ভাৰতৰ প্ৰথম টেনিছ খেলুৱৈ যিয়ে ২০১৫ চনত ডাবলছত শীৰ্ষতম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। লগতে বিশ্ব চেম্পিয়নগৰাকীয়ে একক আৰু দ্বৈত দুয়োটা শাখাতেই ছয়টাকৈ গ্ৰেণ্ড শ্লেমৰ খিতাপ অৰ্জন কৰি দেশৰ সৰ্বশ্ৰেষ্ঠ মহিলা টেনিছ খেলুৱৈ হিচাপেও নিজৰ নাম লিপিবদ্ধ কৰা সক্ষম হৈছে ।
ইতিমধ্যে খেলুৱৈ গৰাকীক ভাৰত চৰকাৰৰ ফালৰ পৰা অজুৰ্ন বঁটা(২০০৪), পদ্মশ্ৰী(২০০৬), মেজৰ ধ্যান চাঁন্দ খেল ৰত্ন বঁটা (২০১৫) আৰু পদ্ম বিভূষণ (২০১৬) বঁটাৰে সন্মান প্ৰদান কৰা হৈছে।