নিউজ ডেস্কঃ যিসকলে বেংকৰ চাকৰিৰ বাবে পঢ়া-শুনা কৰি আছে তেওঁলোকৰ বাবে এক সুখবৰ। ষ্টেট বেংক অৱ ইণ্ডিয়াত ওলাইছে চাকৰি। এছবিআইয়ে ৰিজলভাৰ পোষ্টত যোগ্য প্ৰাৰ্থীৰ বাবে এক বিজ্ঞাপন উলিয়াই দিছে।

ষ্টেট বেংক অৱ ইণ্ডিয়াত চাকৰি কৰিবলৈ ইচ্ছুক যুৱক-যুৱতীসকলে তলত এই খালী পদসমূহৰ সন্দৰ্ভত চাব পাৰিব।

ষ্টেট বেংক অৱ ইণ্ডিয়াত মুঠ ৪৭টা ৰিজলভাৰ পদত প্ৰাৰ্থী বিচৰা হৈছে। এই পদসমূহৰ বাবে প্ৰাৰ্থীসকলৰ লিখিত আৰু ইন্টাৰভিউ লোৱা হ’ব।

যিসকলে এই পদসমূহৰ বাবে আৱেদন কৰিব বিচাৰে তেওঁলোকে এছবিআইৰ অফিচিয়েল ৱেবছাইট sbi.co.in লৈ গৈ এই বিষয়ে সম্পূৰ্ণ ৰূপে চাব পাৰিব।

উল্লেখ্য যে, এই পদসমূহত আৱেদন কৰাৰ অন্তিম তাৰিখ ৩১ অক্টোবৰ আৰু আৱেদনৰ দিন আৰম্ভ হ’ব ১০ অক্টোবৰৰ পৰা।

বিজ্ঞাপন অনুসৰি, এই পদসমূহত দৰমহা থাকিব ৪০ৰ পৰা ৪৫ হাজাৰ টকা। আৰু ইয়াৰ বাবে সৰ্বাধিক বয়স প্ৰাৰ্থীসকলৰ ৬৩ বছৰৰ ওপৰত থাকিব নোৱাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply