নিউজ ডেস্কঃ বিগত বৰ্ষত বানত ৰাজ্যখনৰ ক্ষয়-ক্ষতিৰ বাবে কেন্দ্ৰীয় পৰা অসমে প্ৰায় ৩,৭৩.৮৬ কোটি টকা সাহায্য বিচাৰিছে। সোমবাৰে হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে, বান সাহায্যৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক প্ৰতিবেদন দাখিল কৰা লগতে অতি সোনকালে বান সাহায্য ধন মোকলাই দিবলৈ অনুৰোধ জনাইছে।  

ৰাজ্যিক দুৰ্যোগ ব্যৱস্তাপনা প্ৰাধিকৰণৰ এক সূত্ৰই জনাই যে,  অসম চৰকাৰে দাখিল কৰা প্ৰতিবেদনখন সম্প্ৰতি কেন্দ্ৰীয়ে পৰ্যালোচনা কৰি আছে ।বানৰ সময়ত কেন্দ্ৰীয় চৰকাৰে অসমলৈ পঠোৱা উচ্চ পৰ্যায়ৰ দলটোৱে দাখিল কৰা প্ৰতিবেদনৰ লগত ৰাজ্য চৰকাৰখনে প্ৰেৰণ কৰা প্ৰতিবেদনখন ৰিজাই চাইছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰে দাখিল কৰা প্ৰতিবেদনৰ সন্দভত যোৱা সপ্তাহত এখন বৈঠকো অনুষ্ঠিত কৰিছিল । কিন্তু,  অসমক কিমান ধন প্ৰদান কৰিব সেই সন্দৰ্ভত কোনো ধৰণৰ সিদ্ধান্ত এতিয়া লৈকে গ্ৰহন কৰা হোৱা নাই ।

উল্লেখযোগ্য যে,  বিগত বৰ্ষত বানত ৰাজ্যখনৰ ১৮১ টা ৰাজহ চক্ৰৰ প্ৰায় ৮৮লাখ লোক বানৰ কৱলত পৰিছিল । আনহাতে বানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৮১জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৯টা স্থানত  ভূমিস্খলন হোৱা দেখা গৈছিল ।বৰাক উপত্যকাৰ লগতে ডিমা হাচাও আদি জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথৰো বিস্তৰ ক্ষতি সাধন হৈছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply