নিউজ ডেস্কঃ ঘোষণা হ’ল ৭১ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অংশ ল’ব লগা অসম দলৰ খেলুৱৈসকলৰ নাম। অহা ২ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখন।

অসম ভলীবল সন্থাই ঘোষণা কৰা অনুসৰি পুৰুষ দলত স্থান লাভ কৰা খেলুৱৈসকল ক্ৰমে- মনদ্বীপ সিং, বিনোদ নেগী, সৌৰভ তমাৰ, সুখজিন্দৰ সিং, প্ৰশান্ত সাৰোহা, মোহিত ছেৰাবট, সঞ্জয় মালিক, কে মধু সুদন ৰাও, আৰিফুল হক, নীতিশ কুমাৰ সিং, আব্দুল বাটেন আৰু মৃত্যুঞ্জয় মহন্ত।

পুৰুষ দলটোৰ মুখ্য প্ৰশিক্ষক অবনিশ কুমাৰ যাদৱ তথা দুগৰাকী সহঃ প্ৰশিক্ষক ক্ৰমে আটোৱাৰ হুছেইন আৰু মহম্মদ ইউছুফ।

ইফালে, অসমৰ ছোৱালী দলটোৰ খেলুৱৈসকল ক্ৰমে- কবিতা ডেকা, দিক্ষ্য গগৈ, শিখা গগৈ, পৰিস্মিতা বৰুৱা, আনিশা বৰা, পাৰ্ছি ডি ছাংমা, বাবলি বৰা, প্ৰাৰ্থনা গগৈ, জোনালী বড়ো, জেবিন আখতাৰ, ৰেখা নৰহ আৰু ৰজনী দৈমাৰী।

ছোৱালীৰ দলটোৰ মুখ্য প্ৰশিক্ষক দীপ গগৈ আৰু সহঃ প্ৰশিক্ষক হিচাপে আছে সবিতা বৰ্মন চৌধুৰী, ট্ৰেইনাৰ পূজা গগৈ।

উল্লেখ্য যে, তিনি দশক পাছত অসমত হ’ব লগা ছিনিয়ৰ ৰাষ্ট্ৰীয় ভলীবৰ প্ৰতিযোগিতাখনৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি সংবাদমেলত ব্যক্ত কৰে অসম ভলীবল সন্থাৰ সম্পাদক প্ৰভাত বৰাই।

ইফালে, এই প্ৰতিযোগিতাখনত সমগ্ৰ দেশৰ মুঠ ৫৮টা দলে অংশগ্ৰহণ কৰিব। ইয়াৰে ৩১টা পুৰুষ দল আৰু ২৭টা মহিলা দল।

প্ৰতিযোগিতাখনৰ আয়োজক কমিটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য পৃষ্ঠপোষক হোৱাৰ বিপৰীতে মন্ত্ৰী পীয়ুষ হাজৰিকা সভাপতি হিচাপে আছে।

উল্লেখযোগ্য যে, অসমৰ পুৰুষ দলে পূৰ্বে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰানাৰ্ছ আপ হৈছিল। আৰু এইবাৰ ঘৰুৱা পৰিৱেশত পুৰুষৰ লগতে মহিলা দলেও উন্নত প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম ভলীবল সন্থা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply