নিউজ ডেস্কঃ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰভাৱে পদক্ষেপ গ্ৰহণ কৰাৰ পাছত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত কৰিছে পোষ্ট। এই পোষ্টটোত তেওঁ উল্লেখ কৰিছে যে – ৰাজ্যৰ কেইবাটাও পৰিয়ালে কম বয়সীয়া শিশুৰ মাজত পূৰ্ব নিৰ্ধাৰিত বিবাহ বাতিল কৰিছে। 

মুখ্যমন্ত্ৰী গৰাকীয়ে বাল্য বিবাহৰ বিৰুদ্ধে দুসপ্তাহ ধৰি চলাই থকা অভিযানৰ এয়া এক ইতিবাচক প্ৰভাৱ বুলিও অভিহিত কৰে।  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি লিখিছে যে- ‘ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰি আহিছে যে বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ অভিযানৰ পাছত কেইবাটাও পৰিয়ালে অনিৰ্ধাৰিত বয়সৰ শিশুৰ মাজত পূৰ্ব নিৰ্ধাৰিত বিবাহ বাতিল কৰিছে। বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ দুসপ্তাহ ধৰি চলি থকা অভিযানৰ এয়া এক ইতিবাচক প্ৰভাৱ।’

ইফালে, ৰাজ্যত বৰ্তমানলৈ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই ৩ সহস্ৰাধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে, অসম আৰক্ষীয়ে ৩ ফেব্ৰুৱাৰীত বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। 

আনহাতে, হোজাই জিলাত সৰ্বাধিক সংখ্যক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হোজাইত ২১৬জন নগাঁৱত বাল্য বিবাহৰ গোচৰত মুঠ ১৮৪ জন আৰু ধুবুৰী তৃতীয় স্থানত আছে য’ত বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত মুঠ ১৮৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply