ৰাজৰ্ষি চহৰীয়া
SCO অৰ্থাৎ ছাংহাই সহযোগিতা সংস্থা। ১৫ আৰু ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া SCOৰ সন্মিলনত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উজবেকিস্তানৰ ছামাৰকন্দত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাৰতৰ লগতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমীৰ পুতিন আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বহবাজ শ্বৰীফেও অংশ ল’ব। এছিয়াৰ শক্তিশালী দেশ কেইখনৰ এই বৈঠকৰ ওপৰত এতিয়া দৃষ্টি ৰাখিছে সমগ্ৰ বিশ্বই।
কিন্তু এই shanghai cooperation Organization কি? ভাৰতৰ বাবে কিয় এই সন্মিলনত গুৰুত্বপূৰ্ণ? SCOক কিয় আমেৰিকাৰ NATOৰ প্ৰত্যুত্তৰ হিচাপে গণ্য কৰা হয়?
কেতিয়া গঠন হৈছিল SCO
২০০১চনত গঠন কৰা হৈছিল shanghai cooperation Organization। SCO হৈছে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সুৰক্ষা সম্পৰ্কীয় সংগঠন। ভাৰত, ৰাছিয়া, চীন আৰু পাকিস্তানসহ এই SCOত অন্তৰ্ভুক্ত হৈ আছে মুঠ ৮খন স্থায়ী সদস্য।
১৯৯৬ চনত ৰাছিয়া, কাজাকিস্তান, কিৰ্গিস্তান, তজাকিস্তান আৰু চীনে মিলিত হৈ ছাংঘাই ফাইভ গঠন কৰিছিল। তাৰপাছত ২০০১চনত ছাংঘাই ফাইভ আৰু উজবেকিস্তানৰ মাজত আলোচনাৰ পাছত shanghai cooperation organization গঠন কৰা হয়।

কেতিয়া SCOৰ সদস্য হয় ভাৰত?
২০১৭চনত shanghai cooperation organizationৰ স্থায়ী সদস্য হিচাপে স্থান লাভ কৰে ভাৰত আৰু পাকিস্তানে। ইয়াৰ পাছতে SCOৰ মুঠ স্থায়ী সদস্য ৮খন ৰাষ্ট্ৰ হয়। এই স্থায়ী সদস্য ৰাষ্ট্ৰৰ উপৰিও shanghai cooperation organizationৰ ৬খন ডায়ল’গ পাৰ্টনাৰ ৰাষ্ট্ৰও আছে। সেই কেইখন হৈছে – আৰ্মীনিয়া, অজৰবেজান, কম্বোডিয়া, নেপাল, শ্ৰীলংকা আৰু টুৰ্কী।
ইয়াৰ লগতে আন চাৰিখন ৰাষ্ট্ৰ ক্ৰমে আফগানিস্তান, ইৰাণ, বেলাৰুছ আৰু মংগোলিয়া SCO ৰ অবজাৰ্ভাৰ সদস্য। আৰু ইৰাণক ২০২১চনৰ নবেম্বৰত SCOৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখ্য যে, ২০০১চনত SCO স্থাপনৰ পাছত এই সংস্থাটোৱে আঞ্চলিক নিৰাপত্তা, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ, বিচ্ছিন্নতাবাদ আৰু ধৰ্মীয় মৌলবাদ সম্পৰ্কীয় বিষয়বোৰৰ ওপৰত গুৰুত্ব দি আহিছে।

পৃথিৱীৰ আটাইতকৈ ডাঙৰ regional organization হৈছে SCO
জনসংখ্যা আৰু ভৌগলিক স্থিতিৰ দিশত যদি মন দিয়ে তেন্তে SCO হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ regional organization। ভাৰত আৰু চীন SCOৰ সদস্য, গতিকে গোটেই বিশ্বৰ জনসংখ্যাৰ ৪০ শতাংশ Cover কৰি আছে shanghai cooperation organizationএ। তদুপৰি, Globel GDPৰ প্ৰায় ৩০ শতাংশৰ অংশীদাৰ এই SCOৰ সদস্য ৰাষ্ট্ৰ কেইখনেই।

SCOত ভাৰতে অংশগ্ৰহণ কৰাৰ বাবে চীনৰ আগত ৰাখিলে চৰ্ত
ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দৈনিক ভাস্কৰৰ খবৰ অনুসৰি, ভাৰতে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া SCO সন্মিলনৰ লগতে G-20 সন্মিলতো অধ্যক্ষতা কৰিব। সেয়েহে ভাৰতৰ তৰফৰ পৰা ছামাৰকন্দত অনুষ্ঠিত SCO সন্মিলনৰ পূৰ্বে চীনক স্পষ্টকৈ কৈ দিয়ে যে- এই সন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণ কৰিব, কিন্তু তাৰ বাবে চীনে LACৰ পৰা নিজৰ সৈনিকক আঁতৰাব লাগিব।
ফলত SCO সন্মিলনৰ এসপ্তাহ পূৰ্বে অৰ্থাৎ ৮ ছেপ্টেম্বৰত LACত পূব লাডাখৰ Hot-Springs-Gorga এলেকাৰ পৰা চীনে নিজৰ সেনা বাহিনীক আঁতৰোৱা আৰম্ভ কৰে।
পুতিন, জিনপিং, শ্বহবাজ শ্বৰীফৰ সৈতে মিলিত হ’ব মোডী
SCO সন্মিলনৰ সময়চোৱাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন, চীনৰ ৰাষ্ট্ৰপতি জিনপিং আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফৰে মিলিত হ’ব পাৰে। আৰু যদি তিনিওখন ৰাষ্ট্ৰৰ প্ৰতিনিধি কেইগৰাকীক ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগ পাই তেন্তে ভাৰতীয় Foreign Policyৰ বাবে ই অতি গুৰুত্বপূৰ্ণ হ’ব।
ভাৰত আৰু চীনৰ মাজত অব্যাহত আছে সীমা বিবাদ। বৈঠকত দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান কেইগৰাকী মিলিত হ’লে এই বিষয়ক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে।
ইফালে, প্ৰধানমন্ত্ৰী মোডী ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এনে সময়ত মিলিত হ’ব, যিসময়ত ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ সমগ্ৰ বিশ্বই দুটা ভাগত বিভক্ত হৈছে। আৰু UNৰ মজিয়াত ৰাছিয়াক সমৰ্থন কৰাৰ ভাৰতৰ সিদ্ধান্তক লৈ আমেৰিকাৰ বৰ বিশেষ সুখী নহয়।
আনহাতে, পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্বহবাজ শ্বৰীফে প্ৰথম বাৰলৈ মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডীৰ সৈতে। সেয়েহে ভাৰতৰ কাশ্মীৰত সন্ত্ৰাসবাদৰ বিষয়টোক লৈ পাকিস্তানৰ সৈতে ভাৰতে আলোচনা কৰাৰ সম্ভাৱনা আছে।
ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ shanghai cooperation organization
shanghai cooperation organisationএ ভাৰতক সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া আৰু দেশৰ নিৰাপত্তা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ মাত দিয়াৰ বাবে এখন মঞ্চ প্ৰদান কৰে।
তদুপৰি ভাৰতে এই মঞ্চৰ জৰিয়তে SCOৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক অধিক ভাল কৰাৰ সুবিধা লাভ কৰে।
মন কৰিবলগীয়া যে ২০১৭ত shanghai cooperation organizationৰ সদস্য হৈ পৰাৰ পাছত ভাৰতৰ বাণিজ্যিক গতি বৃদ্ধি পাইছে।
চেন্ট্ৰেল এছিয়াৰ এই দেশ কেইখনত সমগ্ৰ বিশ্বৰে কেঁচা তেল আৰু গেছৰ প্ৰায় ৪৫ শতাংশ ভাণ্ডাৰ আছে। আৰু ইয়াৰ বৰ বিশেষ ব্যৱহাৰ কৰা হোৱা নাই। আগন্তুক সময়ত ভাৰতে SCOৰ মঞ্চখনৰ জৰিয়তে তাৰ ব্যৱহাৰ কৰিব পাৰিব।
SCO হৈছে NATOৰ প্ৰত্যুত্তৰ
SCO অন্যতম উদ্দেশ্য হৈছে চেন্ট্ৰেল এছিয়াত আমেৰিকাৰ যি প্ৰভাৱ, তাৰ প্ৰত্যুত্তৰ দিয়া। বহু বিশেষজ্ঞই SCOক NATOৰ প্ৰত্যু্ত্তৰ হিচাপে গণ্য কৰে। ১৯৪৯চনত আমেৰিকাৰ নেতৃত্বত গঠিত NATOত বৰ্তমান ৩০ খন সদস্য ৰাষ্ট্ৰ আছে।
কিন্তু এই NATOত সদস্য ৰাষ্ট্ৰ হিচাপে নাই চাৰিখন পাৰমানিৱক শক্তি সম্পন্ন দেশ ভাৰত, ৰাছিয়া, চীন আৰু পাকিস্তান। আৰু ইয়াৰে ভাৰত, ৰাছিয়া আৰু চীন অৰ্থনীতিৰ লগতে সেনা বাহিনীৰ শক্তিৰ তৰফৰ পৰা সমগ্ৰ বিশ্বৰ আগশাৰীৰ দেশ। ইয়াৰ বাবেও SCOক NATOৰ যোগ্য প্ৰত্যুত্তৰ হিচাপে গণ্য কৰা হয়।