নিউজ ডেস্কঃ শিলচৰ মেডিকেল কলেজত সাংবাদিকক প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, মেডিকেল কলেজখনৰ গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰে সাংবাদিক গৰাকীক।
জানিব পৰা মতে, আহত সাংবাদিক গৰাকীৰ নাম বিশ্ব কল্যাণ পুৰকায়স্থ। উল্লেখযোগ্য যে, সাংবাদিক গৰাকীয়ে হাস্পতালখনত চিকিৎসাধীন হৈ থকা এগৰাকী সম্পৰ্কীয় মহিলাক খাদ্য দিবলৈ গৈছিল।
চিকিৎসাধীন ৰোগী থকা ৱাৰ্ডতে কৰ্মৰত এগৰাকী গৃহৰক্ষী জোৱানে প্ৰহাৰ কৰে সাংবাদিক গৰাকীক। জানিব পৰা মতে, অভিযুক্ত জোৱান গৰাকীৰ নাম এছ দেৱ। সাংবাদিক গৰাকীক প্ৰহাৰ কৰা দোষীৰ বিৰুদ্দে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে সাংবাদিক মহলে।