নিউজ ডেস্কঃ আজি শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসটোত উদযাপন কৰা হয় শিল্পী দিৱস। কিন্তু অসম চৰকাৰে শিল্পী দিৱস উপলক্ষে দিয়া এক বিজ্ঞাপনত কৰিলে ভুল।
বিজ্ঞাপনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ পৰিৱৰ্তে জন্মদিন বুলি উল্লেখ কৰিছে। যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাও পৰিলক্ষিত হৈছে।
লক্ষণীয় যে, বিজ্ঞাপনটোত লিখা আছে- ‘ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰীগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।’
উল্লেখযোগ্য যে, ১৯০৩ চনৰ ১৭ জুনত তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ । ১৯৫১ চনত ১৭ জানুৱাৰীত তেজপুৰত ৪৮ বছৰ বয়সত মৃত্যু হৈছিল তেওঁৰ ।
ইফালে, মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ নিৰ্দেশত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইয়াৰ বাবে দায়ী সংশ্লিষ্ট বিষয়াক ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে পদক্ষেপ লৈছে বিভাগটোৰ শীৰ্ষ বিষয়াই ।
এই বিজ্ঞাপনটো প্ৰস্তুত কৰাৰ দ্বায়িত্বত আছিল বিভা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰী। তেওঁলোকক ইতিমধ্যেই দিয়া হৈছে কাৰণ দৰ্শোৱাৰ জাননী।