নিউজ ডেস্কঃ প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে মহিলা প্ৰিমিয়াৰ লীগ। এই প্ৰিমিয়াৰ লীগৰ পূৰ্বে মহাৰাষ্ট্ৰৰ স্মৃতি মান্ধানাক আটাইতকৈ বেছি ৩.৪০ কোটি টকাৰ বিনিময়ত নিলামত চুক্তিবদ্ধ কৰা হৈছে ৩.৪০ কোটি টকাত।

সোমবাৰে মুম্বাইত অনুষ্ঠিত হোৱা উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ নিলামত  বাংগালুৰু ফ্ৰেঞ্চাইজিয়ে ৩.৪০ কোটি টকাৰ বিনিময়ত মান্ধানাক চুক্তিবদ্ধ কৰে স্মৃতি মান্ধানাক।

বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিগত কেইবছৰমানৰ পৰা ভাৰতৰ হৈ শীৰ্ষত অনুৰূপ প্ৰদৰ্শন আগবঢ়াই আহিছে। ইতিমধ্যে স্মৃতিয়ে Women in Blue হৈ খেলখনৰ আটাইতকৈ চুটি ফৰ্মেটত নিজে কেইবাখনো মেচত জয় লাভ কৰিছে।

আনহাতে, ২০১৩ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেষ গঢ়া ২৬ বছৰীয়া মুম্বাইৰ খেলুৱৈগৰাকীয়ে ২০১৮ চনত ICC ৰ Women’s Cricketer of the Year হিচাপে নিৰ্বাচিত হৈছিল। ২০২১ আৰু ২০২২ চনত আইচিচিৰ মহিলা টি-২০ আই ক্ৰিকেটাৰৰ বাবেও শীৰ্ষ তিনিটাৰ ভিতৰত মনোনীত হৈছিল।

এতিয়ালৈকে বাওঁহাতৰ খেলুৱৈগৰাকীয়ে ১১২খন টী-২০ত ২৬৫১ ৰান সংগ্ৰহ কৰিছে। ইতিমধ্যে হৰমনপ্ৰীত কৌৰৰ অনুপস্থিতিত ভাৰতীয় দলটোক কেইবাবাৰো নেতৃত্ব দিয়াত নেতৃত্বৰ গুণো কঢ়িয়াই আনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply