ৰাজৰ্ষি চহৰীয়া

পুৱা ৪ বজাত উঠি শিল ভাঙিবলৈ যায়, মাটি কাটিবলৈ যায় আৰু দিনৰ ভাগত আহে প্ৰশিক্ষণৰ বাবে। কান্ধত দৰিদ্ৰ পৰিয়ালটো চোৱাচিতা কৰাৰ দায়িত্ব। পিতৃ-মাতৃৰ বয়স হৈছে, তেওঁলোকে নোৱাৰে এতিয়া নোৱাৰা হৈ পৰিছে কাম কৰিবলৈ। সেই সময়ত নিজৰ পিতৃ-মাতৃৰ লগতে ভগ্নী-ভাতৃক পঢ়োৱাৰ দায়িত্বও তেওঁলোকৰ ওপৰতেই। 

এয়া ৫ গৰাকী ১৭ বছৰীয়া খেলুৱৈৰ জীৱনৰ বাস্তৱ। আগন্তুক খেলো ইণ্ডিয়া য়ুথ গেমছত খেলিবলৈ নিৰ্বাচিত হৈছে ৫ গৰাকী খেলুৱৈ। কিন্তু সকলো চিন্তা পাহৰি এতিয়া তেওঁলোকে পুৱাৰ পৰা ব্যস্ত হৈ পৰিছে প্ৰশিক্ষণত। লক্ষ্য বান্ধি লৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি অসমৰ নাম উজ্বলাবলৈ। 

অসমৰ মৰিগাঁও জিলাৰ চাৰণ বিল। একমাত্ৰ বিল য’ত প্ৰশিক্ষণ কৰা হয় কায়াকিং আৰু কেনয়িঙৰ বা সৰল ভাষাত ক’বলৈ গ’লে নাও খেল প্ৰতিযোগিতাৰ বাবে। পিছে তেওঁলোকৰ নাই থাকিবলৈ হোষ্টেল, নাই খাদ্যৰ বাবেও বিশেষ ধন। তাৰোপৰি যি কেইখন নাওত দৈনন্দিন প্ৰশিক্ষণ কৰিছে সেই ‘ছানী’ মডেলৰ নাও কেইখনো কেতিয়াবাই কৰা হৈছিল নিষিদ্ধ। 

দৰিদ্ৰতাৰ লগতে প্ৰশিক্ষণৰ ক্ষেত্ৰতো আনবোৰ ৰাজ্যৰ তুলনাত বহু বেছি পিছ পৰা আন্তঃগাঁথনি। কিন্তু হ্ৰাস পোৱা নাই তেওঁলোকৰ মনোবল। খেলো ইণ্ডিয়াত কায়াকিং আৰু কেনয়িঙৰ K4 500 মিটাৰ, K2 1,000 মিটাৰ আৰু মহিলাৰ K1 200 মিটাৰ ইভেণ্টত অসমৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মিথু পাটৰ, ৰবিনাশ পাটৰ, বিক্ৰমজ্যোতি কোঁৱৰ, দৰ্শন বৰদলৈ আৰু অৰ্পিতা বৰদলৈয়ে।

ইফালে, প্ৰশিক্ষক অনন্ত বৰঠাকুৰে কেৱল এগৰাকী প্ৰশিক্ষকৰ দৰেই নহয় নিজৰ পিতৃৰ দৰে তেওঁলোকক দি গৈছে প্ৰশিক্ষণ । তেওঁৰ আশা এই কেইগৰাকী খেলুৱৈয়ে পদক অৰ্জন কৰি অসমবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিব।

উল্লেখ্য যে, এসময়ত অসমৰ এগৰাকী ক্ৰিকেটাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ অনন্ত বৰঠাকুৰে ২০০৩চনত ক্ৰিকেটৰ জগতখনৰ পৰা আঁতৰিবলগীয়া হৈছিল। কিয়নো উক্ত বৰ্ষত তেওঁ ভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কিন্তু তাৰপাছত তেওঁ ক্ৰীড়া জগতখনতেই জড়িত থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 

ক্ৰীজৰ পৰা আঁতৰি জলক্ৰীড়াত ভৰি থৈ ২০০৭চনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে তেওঁৰ চমু কেৰিয়াৰৰ সমাপ্তি ঘটায় আৰু তাৰপাছত তেওঁ ডিপ্ল’মা গ্ৰহণ কৰে প্ৰশিক্ষণত। আৰু ২০১৪চনৰ পৰা মৰিগাঁও জিলাৰ চাৰণ বিলৰ কায়াকিং, কেনয়িং আৰু সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰশিক্ষক হিচাপে কাম কৰি আহিছে। 

প্ৰথমবাৰলৈ খেলো ইণ্ডিয়াত অন্তৰ্ভুক্ত কৰা হৈছে কায়াকিং, কেনয়িং, ৰোয়িং ইভেণ্ট। আৰু এইবাৰেই খেলিবলৈ যোগ্যতা লাভ কৰিলে অসমৰ এই ৫ গৰাকী খেলুৱৈয়ে। কিন্তু আনবোৰ ৰাজ্যৰ খেলুৱৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকে লাভ কৰা নাই বিশেষ সা-সুবিধা। চৰকাৰেও দিয়া নাই বিশেষ দৃষ্টি।

প্ৰশিক্ষক বৰঠাকুৰে ইষ্টম’জ’ অসমক জনাই যে- চলিত বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ প্ৰশিক্ষণ কেন্দ্ৰ অনুষ্ঠিত কৰা হৈছে। কিন্তু এয়া চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কেন্দ্ৰ নহয়। ব্যক্তিগতভাৱে আৰম্ভ কৰা এই কেন্দ্ৰটোত সহায় কৰিছে প্ৰশিক্ষক গৰাকীৰ লগতে চাৰণ বিলৰ এই কেন্দ্ৰটোত পূৰ্বে প্ৰশিক্ষণ কৰি বৰ্তমান সময়ত চৰকাৰী বিভিন্ন বিভাগত চাকৰি লাভ কৰা প্ৰাক্তন খেলুৱৈসকলে। 

প্ৰশিক্ষক গৰাকীয়ে লগতে কয় যে- ‘প্ৰতিযোগিতাৰ সময়ত ব্যৱহাৰ কৰা নাও কেইখন হৈছে ‘নেলো’ নাও। এই নাও কেইখন যোগান ধৰা হয় স্পৰ্টছ অথৰিটী অৱ ইণ্ডিয়া চমুকৈ ছাইৰ তৰফৰ পৰা। এই নাও কেইখনৰ মূল্য বহু বেছি। চাবলৈ গ’লে এখন নাওৰ মূল্য প্ৰায় ৪ লাখ টকা। ইয়াৰ লগতে ভাৰততে নিৰ্মিত নাও আছে ‘কাৰ্গো’ নাও। কাৰ্গো নাও কেইখনৰ মূল্য নেলো নাওৰ তুলনাত কিছু কম। কিন্তু আমাৰ প্ৰশিক্ষণৰ বাবে ইয়াৰে এখনো নাও নাই।’

বৰ্তমান সময়ত যি কেইখন ছানী নাওত খেলুৱৈসকলে প্ৰশিক্ষণ লৈ আছে সেই নাও কেইখনৰ ওজন প্ৰায় ৪০ কেজি। কিন্তু প্ৰতিযোগিতাত ব্যৱহাৰ কৰা নাৱৰ ওজন ৩০ কেজি। যাৰ ফলত নাওখনত উঠাৰ লগে লগে খেলুৱৈসকলে নিজক স্থিৰ কৰি ৰাখিবলৈ বহু অসুবিধা হয়। কিয়নো তেওঁলোকে নিষিদ্ধ ছানী নাওহে ব্যৱহাৰ কৰিছে প্ৰশিক্ষণৰ সময়ত। এই কথাও আমাক বুজাই দিয়ে প্ৰশিক্ষক অনন্ত বৰঠাকুৰে। 

ইফালে, প্ৰশিক্ষক গৰাকীয়ে বৰ্তমানলৈ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ কেইগৰাকীৰ প্ৰদৰ্শনক লৈ তেওঁ সুখী বুলি জনায় আৰু কয় যে- ‘সীমিত সা-সুবিধাৰ সৈতে খেলুৱৈসকলে ভাল খেল প্ৰদৰ্শন কৰিছে। যদি খেলুৱৈ কেইজনৰ মনোবল এনেদৰেই দৃঢ় হৈ থাকে আৰু প্ৰশিক্ষণ কৰে তেন্তে খেলো ইণ্ডিয়া য়ুথ গেমছত পদক অৰ্জন কৰিব বুলি মই আশাবাসী। যদি তেওঁলোকে পদক লৈ ঘূৰি আহে তেতিয়া চৰকাৰে আমাক আন্তঃগাঁথনি উন্নত কৰাত সহায় কৰিব বুলি মই ভাবো।’

লগতে আমি বাতৰি সংগ্ৰহৰ সময়তে তেওঁ জনাই যে- ‘ক্ৰীড়া বিভাগে এখন বৈঠক আমাৰ প্ৰস্তুতি-প্ৰশিক্ষণ সন্দৰ্ভত বৈঠকত বহিব। লগতে আমাৰ এই প্ৰশিক্ষণ শিবিৰলৈ বিভাগীয় লোক অহাৰ পৃষ্ঠপোষকতা কৰিছে। গতিকে এয়া আমাৰ বাবে ভাল খবৰ।’ 

এই ৫ গৰাকী খেলুৱৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি ইষ্টম’জ’ অসমো আশাবাদী। আৰু জল ক্ৰীড়াৰ লগতে মৰিগাঁওস্থিত এই ট্ৰেইনিং চেন্টাৰটোৰ অভাৱবোৰৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে অসমৰ পৰাই আৰু এনে খেলুৱৈ আগবাঢ়ি আহিব যিসকলে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অৰ্জন কৰিব পদক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply