মৃন্ময় কুমাৰ নাথ
কোনো এটা ধৰ্মকেই অইন এটা ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি আখ্যায়িত কৰিব নোৱাৰি যিহেতু ধৰ্ম মানে আমাৰ বহুতে ভবাধৰণে কেৱল প্ৰেয়াৰ- প্ৰাৰ্থনা-ছালাত নহয়। ধৰ্ম মানে জীৱন ধাৰণৰ বাবে অতীব প্ৰয়োজনীয় এক বিশ্বাস, ধৰ্ম হ’ল অনুগামীসকলৰ সন্মুখত দাঙি ধৰা এক জীৱনবোধ – – – যি বিশ্বাস কিম্বা জীৱন বোধৰ সাহসত মানুহে কচৰত কৰে বিপদত ভাঙি নপৰাৰ, সুখত অধীৰ হৈ নিজক পাহৰি নেপেলোৱাৰ। মানুহৰ কাম –কাজেই নহয় চিন্তা-চেতনাকো ভাৰসাম্যতা দিবলৈ ধৰ্মই প্ৰয়াস কৰে। সেইবাবেই ধৰ্মই এফালে মানৱ জীৱনত কৰ্মৰ প্ৰয়োজনীয়তাৰ কথা কয়, আনফালে আকৌ কৰ্মফলৰ কথাও কয়। এফালে ধৰ্মই আপোনাক-মোক কৰ্মত বিশ্বাসী হ’বলৈ উৎসাহ যোগায়, আনপিনে আকৌ ধৰ্মই সেই কৰ্ম ভুল দিশেৰে পৰিচালিত হ’লে কুফলো আপুনি অথবা মইয়েই ভোগ কৰিব লাগিব বুলি ভয়ো দেখুৱায়। এইদৰেই ধৰ্মই আমাৰ কামৰ লগতে চিন্তাকো প্ৰভাৱিত কৰি ৰাখে। সেইবাবেই ব্যক্তিগতভাৱে ধৰ্মক মই কেৱল কিছুমান মন্ত্ৰ-প্ৰেয়াৰ বা ছালাতৰ সমষ্টি বুলি জ্ঞান নকৰি জীৱন যাপনৰ আদৰ্শ কলা বুলিহে বিশ্বাস কৰো আৰু যিহেতু প্ৰতিটো ধৰ্মই মানৱ জীৱনক প্ৰায় একেধৰণেই প্ৰভাৱিত কৰি ৰাখে সেয়ে এটা ধৰ্মক আন এটা ধৰ্মতকৈ শ্ৰেষ্ঠ বুলি ক’ব বা ভাবিব পাৰি বুলি মোৰ বিশ্বাস নহয়।সেইবাবেই মই যি ধৰ্মৰ অনুগামী অৰ্থাৎ হিন্দু ধৰ্মক পৃথিবীৰ শ্ৰেষ্ঠতম ধৰ্ম বুলি আখ্যায়িত কৰিব নোৱাৰো তথাপি এয়া সঁচা যে মোৰ হিন্দুত্বক লৈ মই গৌৰৱবোধ কৰো আৰু এই বোধৰ আঁৰত কিছু যুক্তিয়ে নিসন্দেহে ক্ৰিয়া কৰি থাকে।বহু পণ্ডিতে হিন্দু ধৰ্মক পৃথিবীৰ সবাতোকৈ পুৰণি ধৰ্ম বুলি জ্ঞান কৰে যি ধৰ্মৰ শিপা আৰু পৰম্পৰা প্ৰায় চাৰি হেজাৰ বছৰ পুৰণি। অৱশ্যেই হিন্দু ধৰ্মৰ কোনো নিৰ্দিষ্ট প্ৰতিস্থাপক নথকা হেতুকে ইয়াৰ ইতিহাস আৰু মূল বিচাৰি উলিওৱাটো সহজসাধ্য কাম মুঠেও নহয়। তথাপিও ক’বই লাগিব যে হিন্দু ধৰ্ম একক আৰু অনন্য, কিয়নো ই কেৱল এক ধৰ্ম নহয়, ই হ’ল বিভিন্ন পৰম্পৰা আৰু দৰ্শনৰ সমাহাৰ। কিন্তু হিন্দুত্বক লৈ মই অনুভৱ কৰা গৌৰৱবোধৰ কাৰণ মাথো এয়া নহয়। মই হিন্দুত্বক লৈ গৌৰৱবোধ কৰো এই ধৰ্মই আৰু ইয়াৰ সৈতে সংলগ্ন বিশ্বাস আৰু পৰম্পৰাই প্ৰকৃতিৰ প্ৰতি প্ৰদৰ্শন কৰা দায়বদ্ধতাৰ কাৰণে, মোৰ হিন্দুত্বকেন্দ্ৰিক গৌৰৱবোধৰ মূল কাৰণ ইয়াত নিহিত বৈজ্ঞানিক বিচাৰধাৰা, ইয়াৰ ‘লিবাৰেল’ চৰিত্ৰ।
এদিনাখনৰ কথা। তেতিয়া মই গুগল আৰু টাটা ট্ৰাষ্টৰ অৰ্থসাহায্যত পৰিচালিত হোৱা ডিজিটেল লিটাৰেচি বিষয়ক এক প্ৰকল্পৰ দায়িত্ব লৈ কাম কৰি আছো গোৱালপাৰা জিলাত। গোৱালপাৰাৰ জিলা সমন্বয়ক হিচাপে মোৰ দায়িত্ব আছিল জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ডৰ অতিকে পিছপৰা অঞ্চলসমূহত নিয়োজিত হৈ থকা আমাৰ কৰ্মকৰ্তাসকলৰ কাম-কাজ পৰিচালনা কৰা। ভিতৰুৱা অঞ্চলৰ মহিলাসকলৰ মাজত ডিজিটেল লিটাৰেচিৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰি তেওঁলোকক মহিলা সবলীকৰণৰ দিশে আগুৱাই নিয়াই আছিল আমাৰ মূল দায়িত্ব। গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত ইণ্টাৰনেট, ম’বাইল সেৱাকে ধৰি বিভিন্ন আনুসংগিক বিষয়ত সচেতনতা সৃষ্টি কৰা আৰু তেওঁলোকক ইয়াৰ জৰিয়তে মুকলি হোৱা অৰ্থনৈতিক স্বাৱলম্বিতাৰ সম্ভাৱনাপূৰ্ণ দুৱাৰখনৰ সৈতে পৰিচয় কৰাই দিয়াই আছিল আমাৰ মূল কাম। সেই উদ্দেশ্যেই আমি অনেক দুৰ্গম গাঁওত সজাগতামূলক সভা অনুষ্ঠিত কৰিছিলো। এদিন সভা আয়োজন কৰা হৈছিল মাটিয়াৰ কাষৰীয়া এখন ৰাভা লোকৰ বসতিপ্ৰধান গাঁওত। সেই সময়ত গাঁওখনত চলিছিল বনৰীয়া হাতীৰ তাণ্ডৱ। সিদিনা সভা শেষ কৰোতে আমাৰ সন্ধিয়া লাগিল। সেই অঞ্চলৰে আমাৰ এক বন্ধুৱে তেতিয়া টানি ধৰিলে যে আমি আৰু সিদিনা গোৱালপাৰা চহৰত আমি বাহৰ পতা হোটেললৈ উভতিব নালাগে- – সিদিনাৰ ৰাতিটো আমি তাৰ ঘৰতেই কটাব লাগে। বন্ধুৰ অনুৰোধ পেলাব নোৱাৰি আমি ৰাতিটো তাৰ ঘৰতেই থকাৰ সিদ্ধান্ত ল’লো। আগতেই কৈছো সেই সময়ত সিহঁতৰ গাঁওত হাতীৰ ভয়ানক তাণ্ডৱ। মিডিয়াত ইতিমধ্যেই পৰিচিত হৈ পৰিছে তাণ্ডৱ সৃষ্টিকাৰী বনৰীয়া হাতী ‘লাডেন’। সিহঁতৰ গাঁওৰ কাষৰীয়া গাঁওখনতো সিদিনাই হাতীটোৱে এজন লোকক হত্যা কৰিছে। সেয়ে গাঁওখনৰ চৌপাশে ভয়ৰ পৰিৱেশ। তথাপি ভয়ৰ বাবেই সিদিনাৰ ৰাতিটো উপভোগৰ পৰা নিজক বাৰণ কৰিব পৰাৰ জোখাৰে আমাৰ মনৰ জোৰ আৰু ধৈৰ্য একো এটাই নাই। সেয়েহে সন্ধিয়াতে পাহাৰৰ নামনিৰ ধুনীয়া গাঁওখনৰ সোমাজৰ পথাৰখনত আমি আড্ডাত বহিলো। সংগ দিলে মোৰ বন্ধুৰ লগৰীয়া আৰু কেইগৰাকীমান স্থানীয় যুৱকে। নিশা গভীৰ হৈ আহিল। আমাৰ সকলোৰে মনত হাতীৰ ভয় যদিও কোনেও আড্ডাৰ ৰস ভংগ কৰি উঠি যাবলৈ বিচৰা নাই। সিদিনাৰ আড্ডাত আমি নানান কথা পাতিলো। তাৰ মাজতে মই সেই গাঁওৰ সেই স্থানীয় যুৱক কেইগৰাকীক সুধিলো- – “হাতীয়ে তোমালোকক ইমান অত্যাচাৰ কৰে!হাতীয়ে কিমান মানুহ মাৰিলে, কিমান শস্য ধ্বংস কৰিলে তাৰো হিচাপ নাই। ইমানৰ পিছতো তোমালোকৰ হাতীৰ প্ৰতি খঙ-ৰাগ নাইনে! তোমালোকৰ কোনেও কেতিয়াও তোমালোকৰ জীৱন নৰক কৰি পেলোৱা এই হাতীবোৰৰ এটাৰো কিবা উপায়ে অনিষ্ট সাধন কৰাৰ চেষ্টা কৰা নাইনে”? মোৰ প্ৰশ্নৰ উত্তৰত সেই যুৱক কেইগৰাকীয়ে একে মুখে ক’লে, “বেচেৰাহঁতে আমাৰ ইয়ালৈ অকাৰণতে নাহে। খাবলৈ নাপাই ভোকত কাতৰ হৈহে সিহঁত মানুহৰ মাজলৈ আহে। আমি হাতীৰ কাহানিও অনিষ্ট কৰা নাই আৰু নকৰো। আমি হাতীক ভগৱান বুলি মানো”। ইয়াৰ পিছত তেওঁলোকৰ মাজৰে এজনে মোক কৈছিল হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ বাবে তেওঁলোকে গাঁওৰ সীমান্তৱৰ্তী অঞ্চলত কলৰ খেতি কৰিবলৈ হাতত লোৱা অভিনৱ এক প্ৰকল্পৰ কথা। সিদিনা এটা সময়ত আমাৰ আড্ডা শেষ হৈছিল, কিন্তু সেই স্থানীয় যুৱক কেইগৰাকীৰ মনত তেওঁলোকৰ জীৱন বিষময় কৰি তোলা বনৰীয়া হাতীজাকৰ প্ৰতি থকা মৰম আৰু ভক্তিয়ে মোক বহু দিনলৈ আলোড়িত কৰি ৰাখিছিল। এই গভীৰ মৰমৰ উৎসও কিন্তু আমাৰ ধৰ্ম, আমাৰ ধৰ্মীয় বিশ্বাস। ঈশ্বৰ হিচাপে গণেশ দেৱতাৰ স্থিতিয়ে আমাৰ মনত হাতীৰ প্ৰতি সদায়ে এক ভক্তি আৰু মৰমৰ ভাৱ নিহিত কৰি ৰাখিছে। আমি গণেশক পূজো, সেইবাবেই হাতীৰ প্ৰতি বেছিভাগ হিন্দুৱে সদায়ে ভক্তিৰ ভাৱ পোষণ কৰে। মই নকওঁ যে এশ শতাংশ হিন্দুৱে একেই সশ্ৰদ্ধ অনুভৱ হাতীৰ প্ৰতি কৰে। ব্যতিক্ৰম নিসন্দেহে আছে, নহ’লে জয়মালাই নিজৰ মৰণ কাতৰ চিৎকাৰৰ বাবে সংবাদশীৰ্ষ দখল কৰিবলগীয়া নহ’লেইহেঁতেন।তথাপি এই ব্যতিক্ৰমী লোকসকলে পৰিৱেশ আৰু প্ৰকৃতিৰ প্ৰতি থকা হিন্দুত্বৰ দায়বদ্ধতাক নস্যাৎ কৰিব নোৱাৰে।এই দায়বদ্ধতাৰ বাবেই হিন্দুৱে নদীক পূজা কৰে, সাপক পূজা কৰে, গৰুক পূজা কৰে আৰু পূজা কৰে গছ কিম্বা পথাৰক। বিভিন্ন দেৱ-দেৱীৰ বাহন হিচাপে নানান প্ৰাণীক পূজা কৰে হিন্দুৱে।এনে পূজা আৰু ভক্তিভাৱৰ আঁৰৰ উদ্দেশ্য যে প্ৰকৃতিৰ অমূল্য সম্পদৰাজিৰ প্ৰতি মানুহক সদা সৰ্বদা শ্ৰদ্ধাশীল আৰু সদয় কৰি ৰখা আৰু এনে শ্ৰদ্ধা-ভক্তিৰ মাধ্যমেৰে তেনে প্ৰাণীকূলৰ সুৰক্ষা সুনিশ্চিত কৰা সেয়া অনুভৱ কৰিব পাৰিলে এই ধৰ্মক গঢ় দিওতা মহান পুৰুষসকলৰ পৰিৱেশ সচেতনতা আৰু বিজ্ঞানমনস্কতাৰ প্ৰতি কৃতজ্ঞ নহৈ নোৱাৰি।সেই মহান চিন্তাই আমাক কিমান প্ৰভাৱিত কৰিব পাৰিলে সেয়া এক তৰ্কৰ বিষয় হ’লেও কিন্তু কোটি কোটি অনুগামীক পৰিৱেশৰ প্ৰতি দায়বদ্ধ কৰি ৰখাৰ যি ধৰ্মীয় প্ৰচেষ্টা হিন্দুত্বৰ মাজত নিহিত আছে তাক লৈ গৌৰৱান্বিত আমি নিশ্চয়কৈ হ’ব পাৰো।একেদৰেই হিন্দু ধৰ্মীয় বিশ্বাসত নাৰীৰ প্ৰতি পোষণ কৰা হৈছে শ্ৰদ্ধাৰ মনোভাৱ। সেইবাবেই নানান দেৱীৰূপে নাৰীৰ পূজনৰ বিধান এই ধৰ্মই ইয়াৰ অনুগামীসকলক প্ৰদান কৰে।নাৰীৰ প্ৰতি সন্মানৰ ভাৱ পোষণ কৰা এখন সমাজ গঠন কৰাৰ বাবে এই ধৰ্মই কাহানিও চেষ্টাত কাৰ্পণ্য কৰা নাই।এইক্ষেত্ৰত নিসন্দেহে মনুস্মৃতিৰ দৰে গ্ৰন্থত উল্লেখিত কেতবোৰ নাৰীবিদ্বেষী আৰু নাৰীৰ বাবে চৰম অপমানজনক মন্তব্য, কিছু ধৰ্মীয় অনুষ্ঠানে নাৰীক অস্পৃশ্যৰ দৰে জ্ঞান কৰাৰ খবৰ ইত্যাদি অনেক বিষয় উল্লেখ কৰিব পাৰি আৰু হিন্দু ধৰ্মই আমি কৈ অহাৰ দৰে নাৰীৰ প্ৰতি সন্মানৰ ভাৱ পোষণ নকৰে বুলি প্ৰমাণ কৰাৰ চেষ্টা চলাব পাৰি। কিন্তু তেনে হেজাৰ চেষ্টাৰ শেষতো সত্য এয়াই যে হিন্দু ধৰ্মীয় বিশ্বাসে নাৰীক সদায়ে এক সন্মানৰ স্থানত অধিস্থিত কৰি ৰাখিছে, যদিও পৰৱৰ্তী সময়ত বিভিন্ন বাখ্যাকৰ্তাই নিজা বিচাৰ বিবেচনাৰ দ্বাৰা পৰিচালিত হৈ নাৰীকেন্দ্ৰিক পশ্চাৎমুখী চিন্তাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিছে তথাপি সত্য এয়াই যে এই ধৰ্মত শক্তিৰ অধিষ্ঠাত্ৰীৰ ৰূপত প্ৰতিস্থা কৰা হৈছে দেৱী দুৰ্গাক, বিদ্যাৰ আৰাধ্যা দেৱী হ’ল সৰস্বতী, ঐশ্বৰ্য্য-বিভূতিৰ অধিষ্ঠাত্ৰী হ’ল আকৌ দেৱী লক্ষ্মী।মানুহৰ জীৱনৰ পৰম আকাংক্ষাৰ তিনি সম্পদ বিদ্যা-শক্তি আৰু ঐশ্বৰ্য – বিভূতিৰ কতৃত্ব নাৰীৰ ওপৰত আৰোপ কৰি এই ধৰ্মই নাৰীৰ বাবে সন্মানৰ স্থান প্ৰতিষ্ঠাৰ বাট কটা নাছিলনে? পৰৱৰ্তী সময়ত এই কথাবোৰক কেৱল কিতাপী কথা বুলি সংকীৰ্ণ গণ্ডীত যদি কোনো হিন্দুৱে থাপি থুপি থয় বা কোনোৱে নিজৰ গোস্থীৰ সমাজত উচ্চ স্থানপ্ৰাপ্তিৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত কথাবোৰৰ বিপৰীত বাখ্যা আগবঢ়ায় তেন্তে তাৰ বাবে দায়ী নিসন্দেহে ধৰ্ম নহয়।কথাতেই কয়, গুৰুৱে এক কৰে, ভকতেহে ভাগ কৰে!
এতিয়া আহিছো আজিৰ আলোচ্য আনটি বিষয়লৈ। বিষয়টো হ’ল বহুতে ক’বৰ দৰে সঁচাকৈয়ে সংকটত নেকি হিন্দুত্ব?আজিকালি প্ৰায়েই বিভিন্নজনৰ মুখত শুনো, “হিন্দুত্ব খতৰে মে হেই”! অৰ্থাৎ হিন্দুত্ব সংকটত আছে। এনে কথাবোৰ ৰাজনৈতিকভাৱে উদ্দেশ্যপ্ৰণোদিত নেকি সেয়া আমি নাজানো, কিন্তু এটা কথাই আমি জানো আৰু সেই কথাত সৰল ভাৱে বিশ্বাস কৰো- – সেয়া হ’ল, ধৰ্ম হিচাপে হিন্দু ধৰ্ম কাহানিও সংকটত নপৰে। হিন্দু ধৰ্মই কোটি কোটি মানুহক দি আহিছে জীৱনবোধৰ শিক্ষা। অগণিত লোকৰ জীৱন যাপনৰ একমাত্ৰ কলা- – নাম যাৰ হিন্দুত্ব। এয়া কেৱল কিছু ধৰ্ম গ্ৰন্থ বা কিছু মন্ত্ৰৰ সমষ্টি নহয়। সেয়ে হিন্দুত্বৰ সংকট এক অসম্ভৱ ধাৰণা। হিন্দুত্বই মানুহক মানুহৰ দৰেই গ্ৰহণ কৰিবলৈ শিকায়, হিন্দুত্বই মানুহক নিজৰ ইচ্ছা অনুসৰি বাট বুলিবলৈ স্বাধীনতা প্ৰদান কৰে, গোড়া সংশোধনবাদী বাধা নিষেধ আৰোপ কৰিবলৈ অইন ধৰ্মৰ দৰে হিন্দু ধৰ্মত ধৰ্মীয় অনুষ্ঠানৰ সংখ্যা কম ( ব্যতিক্ৰমী উদাহৰণ আছে যদিও তেনে অনুষ্ঠানৰ ধৰ্মটোৰ অনুগামী লোকসকলৰ মাজত সাৰ্বজনীন ব্যাপ্তি নাই)। সেই অৰ্থতেই হিন্দু ধৰ্ম এক ‘লিবাৰেল’ ধৰ্ম।আৰু সেইবাবেও হিন্দুত্বক লৈ গৌৰৱবোধ কৰিব পাৰি।